কিমান দিন চলিব পাৰিব ভাৰতত মজুত তেলেৰে ! সংসদত কেন্দ্র‌ই দিয়া তথ্যই উদ্বেগ বঢ়াইছে

petrol diesel fuel prices rise increase 1648172963787 1648172963927

প্রতিদিনে বৃদ্ধি পাইছে ইন্ধনৰ দাম (Oil Price) । সেই পৰিস্থিতিত ভাৰতত মজুত থকা তেলৰ পৰিমাণ কিমান, তাক লৈয়েই প্রশ্ন কৰিছিল তৃণমূলৰ সাংসদ সৌগত ৰায়ে । সেই প্রশ্নৰ উত্তৰত কেন্দ্র‌ই স্পষ্টভাৱে জনাইছে যে, ঠিক কিমান দিনৰ তেল আছে ভাৰতৰ হাতত । কেন্দ্রীয় চৰকাৰে দিয়া তথ্যৰ ভিত্তিত দেখা গৈছে, ভাৰতৰ হাতত মজুত আছে মাত্র ৭৪ দিনৰ তেল । অর্থাৎ, এক বছৰৰ তেলো মজুত নাই ভাৰতত ।

আনহাতে, তৃণমূলৰ সাংসদ মালা ৰায়ৰ এটা প্রশ্নৰ উত্তৰত কেন্দ্রীয় চৰকাৰে জনাইছে, ৰাছিয়াৰ পৰা ভাৰতত যি পৰিমাণৰ তেল আমদানি কৰা হয়, সেয়া মুঠ আমদানিৰ এক শতাংশৰো কম । তেলৰ দাম স্থিৰ কৰাক লৈ এটা প্রশ্ন কৰিছিল সাংসদ নুছৰত জাহানে, সেই প্রশ্নৰ উত্তৰত কেন্দ্র‌ই জনাইছে, দাম স্থিৰ কৰে তেল সংস্থাসমূহে ।

বিগত কে’বাদিন ধৰি প্ৰতিদিনেই অলপ অলপকৈ বাঢ়িছে তেলৰ দাম । ইয়াকে লৈ বিৰোধীৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হৈছে কেন্দ্রীয় চৰকাৰে । বৃস্পতিবাৰে কেন্দ্রক ইন্ধনৰ মূল্যবৃদ্ধিক লৈ আক্রমণ কৰিলে সাংসদ আৰু কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে । তেওঁ আজি দাবী কৰিছে, অভূতপূর্ব হাৰত দেশৰ পেট্রল আৰু ডিজেলৰ দাম বাঢ়িছে । এতিয়াই তেলৰ দাম কমোৱাৰ ব্যৱস্থা কৰিব লাগিব কেন্দ্রীয় চৰকাৰে ।

ৰাহুল গান্ধীয়ে সাংবাদিকৰ আগত আৰু দাবী কৰিছে, আমি দেখিছো প্ৰতিদিনেই পেট্রল আৰু ডিজেলৰ দাম বাঢ়িছে । কেন্দ্রীয় চৰকাৰে তেলৰ দামৰ পৰা বিপুল পৰিমাণে অর্থ উপার্জন কৰিছে । হেজাৰ হেজাৰ কোটি টকা উপার্জন কৰিছে কেন্দ্র‌ই । সমগ্ৰ দেশজুৰি কংগ্রেছে পেট্রল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰোধিতা কৰিছে । বিগত ১০ দিনত দেশত পেট্রলৰ দাম মুঠ ছয় টকা ৪০ প‌ইচা বাঢ়িছে ।

Exit mobile version