গুৱাহাটীৰ চচলত আক্রাছু, মহিলা সমিতি, চিলাৰায় সেনাৰ যৌথ উদ্যোগত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী

জনজাতিকৰণৰ সমস্যা সমাধান নকৰিলে ৰাজপথত আত্মজাহ দিয়াৰ ভাবুকি আক্রাছু কৰ্মীৰ

WhatsApp Image 2022 03 31 at 6.24.28 PM

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, মহিলা সমিতি আৰু চিলাৰায় সেনাৰ যৌথ উদ্যোগত গুৱাহাটীৰ চচলত ৩০ মাৰ্চ বুধবাৰে দুপৰীয়া ১২ বজাত পৃথক কামতাপুৰ আৰু জনজাতিকৰণৰ দাবীত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী আৰম্ভ কৰে । সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ কৰিব লাগে বুলি দশক দশক ধৰি দাবী কৰি আহিছে, কিন্তু দুৰ্ভাগ্যজনক বৰ্তমানৰ অসম চৰকাৰ তথা বিজেপি চৰকাৰখনৰ কোনো ধৰণৰ সৎ ইচ্ছা দেখা পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে আক্ৰাছুৰ কেন্দ্রীয় সাধাৰণ সম্পাদক সুনাধৰ ৰায়ে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষাৰে নিন্দা আৰু ধিক্কাৰ জনোৱাৰ লগতে বিজেপি চৰকাৰখন এখন মিছলীয়া আৰু মানৱতাহীন চৰকাৰ বুলি আখ্যা দিয়ে আক্রাছুৰ সাধাৰণ সম্পাদক ৰায়ে । অসমত বিজেপি চৰকাৰখনে দুটাকৈ কাৰ্যকাল পাৰ কৰিবলৈ গৈ আছে কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি জলন্ত সমস্যা সেই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা দেখা নাই সেই কাৰণে আজি ৰাজপথত ওলাই আহিবলৈ আমাক বাধ্য কৰিছে অসম চৰকাৰে বুলি সদৰী কৰে সাধাৰণ সম্পাদক ৰায়ে ।

লগতে ৰায়ে কয় যে আজি আমি এই কাৰ্যসূচীৰ জৰিয়তে স্পষ্ট ভাষাৰে অসম চৰকাৰক আহ্বান কৰিব বিচাৰিছো যাতে কেন্দ্ৰীয় চৰকাৰৰ লগত ত্ৰিপাক্ষিক বৈঠক ব্যৱস্থা কৰি কোচ ৰাজবংশী জনগোষ্ঠীটোক অতি সোনকালে জনজাতি মৰ্যদা প্ৰদান কৰিব লাগে অন্যথা আমি ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম । প্ৰয়োজনত আমি ৰাজপথত নিজকে আত্মজাহ দিম ইয়াৰ কাৰণে জগৰীয়া হ’ব অসম চৰকাৰ বুলিও হুংকাৰ দিয়ে ।

Exit mobile version