নেমুটেঙাৰ জুই-ছাই মূল্যই জ্বলাকলা খুৱাইছে সাধাৰণ গ্ৰাহকক

তাৰ বিপৰীতে বাগসাৰ প্ৰকৃত কৃষকে উচিত মূল্য লাভ নকৰাৰ অভিযোগ

WhatsApp Image 2022 03 31 at 6.22.50 PM

ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে নেমুৰ মূল্য ৷ নেমুৰ মূল্যবৃদ্ধিৰ প্ৰসংগই বজাৰকো চেৰ পেলাই ঠাই পাইছে বিধানসভাৰ মজিয়াত ৷ শাসক বিৰোধী সকলোৰে মুখে মুখে এতিয়া নেমুটেঙাৰ প্ৰসংগ ৷ কিয়নো বৰ্তমান প্ৰতিটো নেমুটেঙাৰ মূল্য হৈছে ১০ৰ পৰা ২০ টকা পৰ্যন্ত ৷ কিন্তু বজাৰত নেমুটেঙাৰ এই বৰ্ধিত মূল্যৰ বিপৰীতে প্ৰকৃত কৃষকে লাভ কৰা নাই উচিত মূল্য ৷ কিয়নো বাগসাৰ বৃহত্তৰ খাৰিজা বিজনী অঞ্চলৰ কৃষকে এতিয়াও প্ৰটিটো নেমু বিক্ৰী কৰি আছে চাৰিৰ পৰা ছয় টকাত ৷

প্ৰকৃত কৃষকৰ বিক্ৰীমূল্য আৰু গ্ৰাহকৰ ক্ৰয়মূল্যৰ আকাশ পাতাল পাৰ্থক্যই উদঙাইছে মধ্যভোগীৰ প্ৰকৃত ছবি ৷ যাৰ বাবে প্ৰকৃত কৃষকে উচিত বিক্ৰীমূল্য লাভৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে সাধাৰণ গ্ৰাহকে খাবলগীয়া হৈছে মাধমাৰ ৷

বৰ্তমান সময়ত উৎপাদিত ফচলৰ পৰিমাণ কমাৰ বাবেই মধ্যভোগীয়ে গ্ৰহণ কৰিছে নেকি এই সুবিধা ? এই ক্ষেত্ৰত যোগান বিভাগে কি ভূমিকা গ্ৰহণ কৰে সেয়া সময়তহে হ’ব লক্ষ্যণীয় ৷

Exit mobile version