‘মূল্যবৃদ্ধি মুক্ত ভাৰত বিচাৰো’, দিল্লীৰ বিজয় চকত বিক্ষোভ কংগ্রেছৰ, নেতৃত্বত ৰাহুল

WhatsApp Image 2022 03 31 at 1

‘মেহংগাই মুক্ত ভাৰত অভিযান’-ৰ অধীনত বৃহস্পতিবাৰে চৰকাৰক কঠোৰ ভাষাৰে গৰিহণা দিলে কংগ্রেছে । ক্রমাগত মূল্যবৃদ্ধিৰ বাবে চৰকাৰৰ বিৰুদ্ধে মাত মাতি ৰাহুল গান্ধীয়ে ইন্ধনৰ দাম নিয়ন্ত্রণ আৰু কমোৱাৰ দাবী জনাইছে । আজি দিল্লীৰ বিজয় চকত ৰাহুলৰ নেতৃত্বত কংগ্রেছ নেতা কর্মীসকলে বিক্ষোভ প্রদর্শন কৰে । লোকসভাত কংগ্রেছৰ দলনেতা অধীৰ ৰঞ্জন চৌধুৰী আৰু ৰাজ্যসভাত বিৰোধী দলনেতা মল্লিকার্জুন খাড়গেও আজি বিক্ষোভত অংশ লয় ।

আজি ৰাহুলে কয়, ‘আমি দেখিবলৈ পাইছো যে পেট্রল আৰু ডিজেলৰ দাম দ্রুত হাৰত বাঢ়িছে । চৰকাৰে ইয়াৰ পৰা হেজাৰ হেজাৰ কোটি টকা লাভ কৰিছে । চৰকাৰে এইবোৰ বন্ধ কৰিব লাগিব ।’ ইয়াৰ পাছত কংগ্রেছৰ প্রাক্তন সভাপতিয়ে আৰু কয়, ‘ম‌ই কৈছিলো যে নির্বাচন শেষ হ’লে পেট্রল আৰু ডিজেলের দাম বাঢ়িব আৰু তাৰ আগতে জনগণ‌ক তেওঁলোকৰ টেংকি পূৰণ কৰিবলৈ কৈছিলো ।’

উল্লেখ্য, চলিত সপ্তাহত কংগ্রেছে পেট্রল, ডিজেল, গেছ চিলিণ্ডাৰ, পিএনজি আৰু চিএনজিৰ আকাশলংঘী দামৰ বিৰুদ্ধে ‘মেহংগাই মুক্ত ভাৰত অভিযান’-ৰ নামত সপ্তাহব্যাপী প্রচাৰ আৰম্ভ কৰিছে । ইয়াৰ অধীনত তেওঁলোকে ৩১ মার্চৰ পৰা সাত এপ্রিল পর্যন্ত সমগ্ৰ দেশতে সমাবেশ আৰু সমদল ওলিয়াব ।

প্রসংগত, দীর্ঘ ১৩৭ দিন ইন্ধনৰ দাম অপৰিৱর্তিত থকাৰ পাছত যোৱা ২২ মার্চত ইন্ধনৰ দাম প্রথমবাৰ বাঢ়ে । এনে পৰিস্থিতিত দেশৰ ৰাজধানীত বিগত ১০ দিনত পেট্রল-ডিজেলৰ দাম প্রায় চাৰে ছয় টকা বাঢ়িছে । আজিও পেট্রল-ডিজেলৰ দাম ৮০ প‌ইচাকৈ বাঢ়িছে । ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ পৰিস্থিতিত তেলৰ দাম বাঢ়িছে বুলি দাবী কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা । অৱশ্যে এই সন্দৰ্ভত বিৰোধীয়ে ক্রমে মাত মাতি চৰকাৰক চাপত পেলোৱাৰ চেষ্টা কৰিছে ।

Exit mobile version