জনপ্ৰতিনিধি-চৰকাৰৰ বঞ্চনা, ৰিজ’লোচন একাডেমীয়ে মেৰামতি কৰিলে জৰাজীৰ্ণ পথ

roller

চৰকাৰ আৰু জনপ্ৰতিনিধিৰ বঞ্চনা আৰু পক্ষপাতিত্বত অতিষ্ঠ হৈ গোগামুখ ৰিজ’লোচন একাডেমীয়ে  ৰিজ’লোচন ট্ৰাষ্টৰ টকাৰে লাখ টকা খৰচ কৰি ডেৰ কিলোমিটাৰ জৰাজীৰ্ণ পথ মেৰামতি কৰে ৷ উল্লেখনীয় যে, ২২ নং গোগামুখ-ঢকুৱাখনা ৰাজ্যিক ঘাই পথৰ পৰা মিছন বালিগাঁও হৈ উত্তৰ অসমৰ লেখত ল’বলগা ব্যক্তিগত খণ্ডৰ বিদ্যালয় গোগামুখ ৰিজ’লোচন একাডেমী আৰু পূৱ বালিগাঁৱলৈ ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো গোগামুখৰ অতি গুৰুত্বপূৰ্ণ পথ হিচাপে চিহ্নিত ৷

ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথেৰেই গোগামুখৰ প্ৰায়বোৰ শিক্ষানুষ্ঠান তথা বহু চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানলৈ শ শ ছাত্ৰ-ছাত্ৰীৰ লগতে শ শ সাধাৰণ লোক নিতৌ অহা-যোৱা কৰে ৷ ৰিজ’লোচন একাডমীৰ পৰিয়ালে পথটো মেৰামতিৰ বাবে চৰকাৰ আৰু জনপ্ৰতিনিধিসকলক দীৰ্ঘদিনে অনুৰোধ কৰি আহিছে ৷ মিচিং স্বায়ত্তশাসিত পৰিষদকো বিষয়টো কৰ্ণগোচৰ কৰিছিল ৷

মিচিং স্বায়ত্তশাসিত পৰিষদে বহু বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ নামত আঁচনি ৰূপায়ণ কৰিলে যদিও পৰিষদৰ নিচেই কাষত থকা ৰিজ’লোচন একাডেমীত পৰিষদৰ আঁচনিয়ে স্পৰ্শ নকৰাটো দুখৰ বিষয় হিচাপে চিহ্নিত হৈছে ৷ চৰকাৰ আৰু জনপ্ৰতিনিধিৰ এনে পক্ষপাতিত্ব আৰু অন্যায়ৰ বাবে ৰিজ’লোচন একাডেমীৰ পৰিয়ালে দুখন জে চি বি, এখন ৰোলাৰ, দুখন ট্ৰেক্টৰ, দুখন ডাম্পাৰ লগাই  জৰাজীৰ্ণ পথছোৱা মেৰামতি কৰে ৷

ইয়াত সহযোগ কৰে ৰিজ’লোচন একাডেমীৰ দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ ৰিজ’লোচন একাডেমীৰ এই দায়বদ্ধশীল ৰাজহুৱা কামৰ বাবে একাডেমীৰ পৰিয়ালক গোগামুখবাসীয়ে ধন্যবাদ জ্ঞাপন কৰাৰ  বিপৰীতে চৰকাৰ আৰু জনপ্ৰতিনিধিসকলক ধিক্কাৰ দিছে ৷

Exit mobile version