বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড় গণনা আৰম্ভ

WhatsApp Image 2022 04 01 at 6.01.22 PM

আজি পহিলা এপ্ৰিলৰ পৰা তিনি এপ্ৰিললৈ প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে গঁড় গণনা প্ৰক্ৰিয়া । যাৰ বাবে পৰ্যটকৰ বাবে তিনিদিনলৈ বন্ধ কৰি দিয়া হ’ল মানাহৰ প্ৰৱেশ দ্বাৰ ।

আজি পুৱাৰে পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বন বিভাগৰ ফালৰ পৰা আৰম্ভ কৰিছে গঁড় গণনা প্ৰক্ৰিয়া ৷ এইফালে মানাহৰ জীপ চাফাৰী এছ’চিয়েছনকে ধৰি কে’বাটাও স্থানীয় স্বেচ্ছাসেৱী সংগঠনেও বন বিভাগক সম্পূর্ণ সহযোগিতা আগবঢ়াইছে ৷ নেৰানেপেৰা বৰষুণৰ মাজতো উদ্যানখনৰ ভিতৰভাগত চলিছে গঁড় গণনা প্ৰক্ৰিয়া । হাতী ছাফাৰীৰ লগতে জীপ ছাফাৰীৰে চলাইছে গঁড় গণনাৰ কাম ৷

উল্লেখ্য যে, বাতৰি লিখা সময়লৈ মানাহত ইতিমধ্যে প্ৰথমটো দিনত ২৪ টা গঁড়ৰ সন্ধান পোৱা বুলি জানিব পৰা গৈছে । মানাহত পূৰ্বৰ তুলনাত এইবাৰ গঁড়ৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব বুলি বনবিভাগৰ লগতে স্থানীয় লোকে আশা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷ প্ৰণিধানযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত গণনাৰ পূৰ্বে ৪৮ টা গঁড় আছিল ৷

Exit mobile version