ভাওঁৰাগুৰী শংকৰদেৱ শিশু নিকেতনত নতুন বৰ্ষৰ পাঠদান আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত

WhatsApp Image 2022 04 01 at 4.02.26 PM

আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ভাওঁৰাগুৰীস্থিত ভাওঁৰাগুৰী শংকৰদেৱ শিশু নিকেতনত নতুন বৰ্ষৰ পাঠদান আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি নিকেতনৰ প্ৰৱেশদ্বাৰৰ ফিতা কাটে নিকেতনৰ প্ৰধান আচাৰ্য জীবন কৃষ্ণ পালে, স্বৰস্বতী-ওম-ভাৰতমাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি দেবাশীষ সাহাই ।

তাৰ পাছত শংকৰদেৱ শিশু নিকেতনৰ নিয়ম অনুসৰি দ্বীপ প্ৰজ্বলন মন্ত্ৰ, স্বৰস্বতী বন্দনা আদি গোৱা হয় । শেষত সকলো ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকলক প্ৰসাদ বিতৰণ কৰা হয় ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে নিকেতনৰ প্ৰধান আচাৰ্যৰ লগতে অইন অইন আচার্য-আচাৰ্যাসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল আৰু অভিভাৱক ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি প্ৰধান আচাৰ্য পালে কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিক আমি আদৰণি জনাইছো । লগতে কয় যে যদি বিভাগীয় কৰ্তৃপক্ষই একাদশ আৰু দ্বাদশ শ্রেণী খোলাৰ অনুমতি প্ৰদান কৰে তেন্তে আগন্তুক নতুন শিক্ষা বৰ্ষত কলা শাখাৰ একাদশ শ্ৰেণী ভাওঁৰাগুৰী শংকৰদেৱ শিশু নিকেতনত খুলিব বুলিও জানিবলৈ দিয়ে ।

Exit mobile version