Bad Breath : মুখৰ পৰা দুর্গন্ধ ওলায় ? পেটৰ সমস্যাত ভোগা নাইতো

get rid of bad breath

কথা কোৱাৰ সময়ত মুখৰ পৰা দুর্গন্ধ ওলায় নেকি ? স্কুল হ‌ওক বা অফিচ, কাৰোবাৰ মুখৰ পৰা গোন্ধ ওলালে, সেই কথা মুখে মুখে বিয়পি পৰিবলৈ বেছি সময় নালাগে । সাধাৰণতে দাঁত, দাঁতৰ গোড়ি, জিভা, মুখগহ্বৰত কোনো ধৰণৰ সংক্রমণ হ’লে মুখৰ পৰা দুর্গন্ধ ওলায় । সেয়ে খোৱাৰ পাছত ভালকৈ মুখ নুধুলে, পানী যথাযথ পৰিমাণে নাখালে, দাঁতৰ গোড়িত খাদ্যৰ অংশ থাকি গ’লে বা দাঁতৰ এনামেল নষ্ট হ’লেও মুখৰ পৰা বেয়া গোন্ধ ওলাব পাৰে । কেৱল সেয়াই নহয়, অম্বলৰ সমস্যা থাকিলেও কিন্তু মুখৰ পৰা দুর্গন্ধ ওলাব পাৰে ।

বিভিন্ন গৱেষণাত দেখা গৈছে যিসকলে নিয়মিত অম্বলৰ সমস্যাত ভোগে, তেওঁলোকৰ মুখত দুর্গন্ধ ওলায় । যেতিয়া পাকস্থলীৰ অভ্যন্তৰত থকা পদার্থ যেনে হজম নোহোৱা খাদ্য, পিত্ত আৰু হজমত সাহায্যকাৰী উৎসেচকবোৰ খাদ্যনলীত উঠি আহে তেতিয়া এচিড ৰিফ্লেক্স ঘটে । ক্রমাগত বুকত জ্বলাপুৰা হয় । মুখৰ স্বাদ নোহোৱা হৈ যায় । ইয়াৰ পৰাই মুখত দুর্গন্ধ হয় ।

সেয়ে মুখত দুর্গন্ধ হ’লে পেটল স্বাস্থ্য ঠিকে আছে নে নাই, সেই দিশতো লক্ষ্য কৰিব লাগে । গৰম দিনত খাদ্য হজম হ’বলৈ বেছি সময় লাগে । পেট ফুলি থাকে, গেছ-অম্বলৰ সমস্যা বাঢ়ে । কি কৰিলে সুফল পাব ?

এচিড যাতে বেছি নহয়, তাৰ বাবে সময় মতে বাৰে বাৰে অলপ অলপকৈ খাদ্য গ্ৰহণ কৰিব লাগে । ফলত পাকস্থলীত খাদ্যৰ পাচনৰ বাবে ক্ষৰিত হোৱা হাইড্র’ক্ল’ৰিক এচিড কাৰ্যকৰ হ’ব । এচিডৰ সমস্যা থাকিলে নেমু, মৌচুমীৰ দৰে ৰসাল ফল নোখোৱাই ভাল । উচ্চ ফাইবাৰযুক্ত খাদ্য‌ই হজমত সাহায্য কৰে ।

অধিক তেল, জলা, মচলাযুক্ত খাদ্য কমকৈ খোৱা ভাল । কোষ্ঠকাঠিন্য দূৰ কৰিবলৈ শাক-পাচলি, ফল অধিক পৰিমাণে খাব লাগে । পর্যাপ্ত মাত্রাত পানী খাব লাগে । দৈ খোৱা পেটৰ পক্ষে বা হজমৰ পক্ষে সকলো সময়তেই ভাল । দৈত লেকট’বেচিলাছ বেক্টেৰিয়া থাকে যিয়ে হজম হোৱাত সহায় কৰে । সেয়ে যিসকলৰ হজমল সমস্যা থাকে, তেওঁলোকে গাখীৰ নাখাই দৈ খাব পাৰে ।

Exit mobile version