Chandigarh : পঞ্জাৱৰ অন্তর্ভুক্ত হ‌ওক চণ্ডীগড়, বিধানসভাত প্রস্তাৱ মুখ্যমন্ত্রী মানৰ

Bhagwant Mann 1648270169688 1648270170021

পঞ্জাৱৰ মুখ্যমন্ত্রী পদৰ দায়িত্ব গ্ৰহণ কৰাৰ দুসপ্তাহৰ পাছত কেন্দ্রৰ স’তে সংঘাতৰ বার্তা দিলে ভগৱন্ত মানে । উপলক্ষ, কেন্দ্রশাসিত অঞ্চল চণ্ডীগড়ৰ নিয়ন্ত্রণ । তেওঁ চণ্ডীগড়ক অবিলম্বে পঞ্জাৱৰ হাতত তুলি দিয়াৰ দাবী জনাইছে । শুকুৰবাৰে পঞ্জাৱ বিধানসভাত এই মর্মে এটা প্রস্তাৱো দিছে আম আদমি পার্টি (আপ)-ৰ চৰকাৰে ।

১৯৬৬ৰ নৱেম্বৰত অবিভক্ত পঞ্জাৱ প্রদেশৰ জাঠ প্রধান অঞ্চলক লৈ হৰিয়ানা ৰাজ্য গঠন কৰা হৈছিল । কেন্দ্রশাসিত অঞ্চল চণ্ডীগড়ক দুই ৰাজ্যৰেই ৰাজধানী কৰা হয় । শুকুৰবাৰে পঞ্জাৱ বিধানসভাত মানে কয়, ‘‘১৯৬৬ৰ পঞ্জাৱ পুনর্গঠন আইনত হৰিয়ানা গঠন কৰা হৈছিল । পঞ্জাৱৰ কিছু অংশ হিমাচল প্রদেশকো দিয়া হৈছিল । আনুপাতিক প্রতিনিধিত্বৰ মাধ্যমত ভাকৰা বিয়াছ মেনেজমেন্ট ব’র্ড’-ৰ দৰে কিছু যৌথ সম্পদৰ পৰিচালনাৰ ব্যৱস্থা কৰা হৈছিল সেই সময়ত ।’’

ইয়াৰ পাছতেই চণ্ডীগড়ক পঞ্জাৱৰ অন্তর্ভুক্ত কৰাৰ দাবী তুলি মানে কয়, ‘‘অতীতত দেখা গৈছে, কোনো ৰাজ্য বিভাজন কৰা হ’লে ৰাজধানী চহৰ মূল ৰাজ্যখনকেই দিয়া হয় । সেয়ে আমিও এইবাৰ সেই দাবী তুলিছো ।’’ যদিও মানৰ এই দাবী সম্পূৰ্ণ সঠিক নহয় বুলি দাবী ৰাজনৈতিক পর্যবেক্ষকৰ অধিকাংশৰে । ২০১৪ত অবিভক্ত অন্ধ্রপ্রদেশ বিভাজনৰ সময়ত নৱগঠিত তেলেংগানাৰ ভাগতেই পৰিছিল ৰাজধানী হায়দৰাবাদ ।

প্রসংগত, চণ্ডীগড়ক লৈ পঞ্জাৱ-কেন্দ্র সংঘাতৰ সূত্রপাত হয় চলিত সপ্তাহত । কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ চণ্ডীগড়ৰ চৰকাৰী কর্মচাৰীসকলক কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলক সমান সুযোগ-সুবিধা দিয়াৰ ঘোষণা কৰে । শ্বাহৰ ঘোষণাৰ পাছতেই মান অভিযোগ কৰে, পঞ্জাৱৰ আপ চৰকাৰক বিপাকত পেলাবলৈয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্র‌ই । লগতে তেওঁ টুইটাৰত লিখে, ‘কেন্দ্রীয় চৰকাৰে পৰ্যায়ক্ৰমে চণ্ডীগড় প্রশাসনত বাহিৰৰ কর্মচাৰীসকলক লৈ আহিছে । এই পদক্ষেপ ১৯৬৬ৰ পঞ্জাৱ পুনর্গঠন আইনৰ পৰিপন্থী । চণ্ডীগড়ৰ ওপৰত ন্যায্য দাবীৰ বাবে পঞ্জাৱে যুঁজ দিব ।’

Exit mobile version