চুৰ হৈছে ৰাজকোষত ! ‘ৰাজকোষ’ অৰ্থাৎ পৰমাণু বিদ্যুৎকেন্দ্র । সেয়ে এয়া যেয়ে সেয়ে ‘চুৰি’ নহয় । ফলত, তেজষ্ক্রিয় বিকিৰণৰ সম্ভাব্য ভয়াৱহতাক লৈ উদ্বেগ বাঢ়িছে সমগ্ৰ ইউৰোপত ।
বৈজ্ঞানিকসকলে জনাইছে, ৰুছ আগ্রাসনৰ অব্যাহতিৰ পাছতেই প্রচুৰ পৰিমাণে তেজষ্ক্রিয় বর্জ্য পদার্থ চুৰি হৈছে ৰাজধানী কিয়েভৰ নতি দূৰত ইউক্রেইনৰ চেৰন’বিল পৰমাণু বিদ্যুৎ উৎপাদন কেন্দ্রৰ পৰা । প্রচলিত বিস্ফোৰকৰ স’তে মিহলি কৰি য’ৰ পৰা অনায়াসেই ‘ডার্টি বম্ব’ বনাব পাৰি ।
ৰুছ সেনাসকলে বৃহস্পতিবাৰে চেৰন’বিল পৰমাণু কেন্দ্র আৰু তাৰ কাষৰীয়া অঞ্চলৰ পৰা গুচি আহিলেও বৈজ্ঞানিকসকলৰ একাংশৰ শংকা, ৰাছিয়াই এইবাৰ সেই ডার্টি বম্ব ব্যৱহাৰ কৰিব পাৰে ইউক্রেইনৰ সাধাৰণ নাগৰিকসকলৰ ওপৰত । যুদ্ধত বিজয়ী হোৱাৰ অপ্ৰাণ চেষ্টাত । ইউক্রেইনত প্ৰৱেশ কৰাৰ পাছৰ দিনাখনে চেৰন’বিল দখল কৰে ৰুছ সেনাই ।
কিয়েভত ‘ইনষ্টিউট ফৰ ছেফ্টি প্রবলেমছ অৱ নিউক্লিয়াৰ পাৱাৰ প্লেন্টছ (আইএছপিএনপিপি)’-ৰ প্ৰধান আনাতোলি ন’ছ’ভস্কিয়ে এই খবৰ দিছে । জনাইছে, ইউক্রেইনত ৰুছ আগ্রাসনৰ পাছতেই লুটকাৰীয়ে চেৰন’বিলৰ পৰমাণু চুল্লিবোৰৰ কাষৰ এটা গৱেষণাগাৰত থকা তেজষ্ক্রিয় বর্জ্য লৈ উধাও হয় । যাৰ পৰিমাণ খুব কম নহয় । লুটকাৰীসকলে এই গৱেষণাগাৰৰ পৰা কে’বাটাও তেজষ্ক্রিয় মৌলৰ আইছ’টোপ (কোনো মৌলৰ পৰমাণুৰ কেন্দ্রত নিউট্রনৰ সংখ্যাৰ তাৰতম্যৰ কাৰণে সেই মৌলৰ বিভিন্ন আইছোটোপ তৈয়াৰ হয় । কার্বন পৰমাণুৰ এনে তিনিটা আইছ’টোপ আছে, ১২, ১৩ আৰু ১৪ নিউট্রন সংখ্যাৰ) । চেৰন’বিল আৰু তাৰ আশপাশৰ সহস্ৰাধিক কিলোমিটাৰৰ অঞ্চলত বিকিৰণৰ বঢ়া-কমাৰ মাত্রা নির্দিষ্ট সময়ৰ অন্তৰত জোখা হয় এইবোৰ তেজষ্ক্রিয় আইছ’টোপৰে ।
তেওঁ অৱশ্যে এইটোও জনাইছে, চেৰন’বিল পৰমাণু কেন্দ্রৰ এই গৱেষণাগাৰৰ পৰা কিমান তেজষ্ক্রিয় বর্জ্য আৰু নানা ধৰণৰ তেজষ্ক্রিয় মৌলৰ আইছ’টোপ চুৰি হৈছে ৰুছ আগ্রাসনৰ পাছত তাৰ সঠিক পৰিমাণ জানিব পৰা নাই অঞ্চলটো ৰুছ সেনাৰ দখলত থকাৰ বাবে । অৱশ্যে চুৰি যে হৈছে, সেয়া জানিব পৰা গৈছে এই গৱেষণাগাৰত থকা বিভিন্ন ধৰণৰ এলার্ম আৰু কম্পিউটাৰ ছিগনেলৰ সূত্রত ।
ব্রিটেইনৰ লিভাৰপুল বিশ্ববিদ্যালয়ৰ পৰমাণু বিজ্ঞানী ব্রুনো মার্কে যদিও কৈছে, ‘‘এইবোৰ তেজষ্ক্রিয় বর্জ্যৰে কোনো পৰমাণু বোমা বনাব পৰা নাযায় । কাৰণ, এই বর্জ্যবোৰত কোনো প্লুট’নিয়াম বা ইউৰেনিয়াম নাই । পৰমাণু বোমা বনাবৰ বাবে এই দুটা তেজষ্ক্রিয় মৌলই প্রধান উপাদান । অৱশ্যে এইবোৰৰ পৰা ডার্টি বম্ব বনাব পৰা যায় ।’’
সেই ডার্টি বম্ববোৰ কিমান বিপজ্জনক হ’ব পাৰে সাধাৰণ নাগৰিকৰ ক্ষেত্রত, বিশেষজ্ঞসকলে জনাইছে, সেয়া নির্ভৰ কৰে সেইসমূহ কি পৰিমাণত খোৱা গৈছে আৰু সেয়া কি পৰিমাণে ডার্টি বম্ব বনোৱাত ব্যৱহৃত হ’ব পাৰে তাৰ ওপৰত ।
পৰমাণু বিজ্ঞানী এডউইন লিমেনে কৈছে, ‘‘যি তেজষ্ক্রিয় মৌলবোৰৰ আইছ’টোপ চুৰি হৈছে বুলি খবৰ পোৱা গৈছে সেইবোৰৰ তেজষ্ক্রিয়তাৰ পৰিমাণ খুব বেছি নহয় । সেইবোৰৰ তেজষ্ক্রিয়তা খুব বেছি হ’লে সেইবোৰক চুৰি কৰাৰ সময়তো খুব শক্তিশালী আৱৰণত ৰখাৰ প্রয়োজন হয় । যি লুটকাৰীসকলক প্রয়োজন নহয় বুলিয়ে এই পর্যন্ত ধাৰণা কৰা হৈছে ।’’
সেইবোৰৰ পৰা ডার্টি বম্ব বনাব পৰা যায় । যাৰ আন এটা নাম— ‘ৰেডিয়’লজিকেল ডিছপাৰ্চেল ডিভাইচ’ (আৰডিডি) । আমেৰিকাৰ নিউক্লিয়াৰ ৰেগুলেটৰী কমিছনে যদিও জনাইছে এই ডার্টি বম্ববোৰে এনে পর্যায়ৰ বিকিৰণ কৰিব নোৱাৰিব, যিয়ে মানুহক মাৰিব পাৰিব বা তেওঁলোকক গোটেই জীৱনৰ বাবে পংগো কৰি দিব । সেই বিকিৰণৰ খুব বেছি দূৰ পর্যন্ত বিয়পি পৰাৰো শংকা কম ।
১৯৮৬ত ভয়ংকৰ বিস্ফোৰণত চেৰন’বিলৰ দুটা পৰমাণু চুল্লি ধ্বংস হোৱাৰ পাছৰ পৰাই এই কেন্দ্র বন্ধ কৰি দিয়া হৈছে । সেই চুল্লি দুটাৰ কাষৰ বিস্তীর্ণ অঞ্চল আগন্তুক ২১ হেজাৰ বছৰ মানুহ বা কোনো প্রাণীৰ বসবাসৰ অযোগ্য থাকিব বুলি আগতেই সকীয়নি দিছিল পৰমাণু বৈজ্ঞানিকসকলে ।