Narendra Modi : উৎসৱৰ মেজাজত পৰীক্ষা ! পৰীক্ষাৰ্থীসকলক আৰু কি কি উপায় দিলে প্রধানমন্ত্রীয়ে

1027416 untitled design 2022 04 01t120015.588

অহা ২৬ এপ্রিলৰ পৰা আৰম্ভ হ’ব ব’র্ড পৰীক্ষা । তাৰ আগতে শুকুৰবাৰে নৱমৰ পৰা দ্বাদশ শ্রেণীৰ শিক্ষাৰ্থীসকলৰ স’তে মুখামুখি হৈ পৰীক্ষাভীতি মোকাবিলাৰ উপায় ক’লে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত আয়োজিত ‘পৰীক্ষা পে চর্চা ২০২২’ আলোচনা কাৰ্যসূচীত যোগদানৰ বাবে অনলাইনত নাম নথিভুক্ত কৰিছিল দেশৰ প্রায় ১২ লাখ স্কুল শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকে ।

পঞ্চম ‘পৰীক্ষা পে চর্চা’-ৰ মঞ্চত ব্যর্থতা প্ৰধানমন্ত্ৰী মোদীয়ে শিক্ষাৰ্থীসকলক জীৱনত আগুৱাই যোৱাৰ মন্ত্র কয় । শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ ভীতি নোহোৱা কৰিবলৈ তেওঁৰ প্রথম পৰামর্শ, ‘‘আমি পৰীক্ষাৰ সময়ত উৎসৱ উপভোগ কৰিব নোৱাৰো, কিন্তু পৰীক্ষাক উৎসৱত পৰিণত কৰিলে আমি উপভোগ কৰিব পাৰিম । সেয়ে পৰীক্ষা দিব লাগিব উৎসৱৰ মেজাজত ।’’

পৰীক্ষাৰ আগতে পাঠ্যক্রম সমাপ্ত কৰিব নোৱাৰাৰ চাপত ভোগে বহু শিক্ষাৰ্থী । তেওঁলোকক উদ্দেশ্যি প্রধানমন্ত্রীৰ বার্তা, ‘‘ছিলেবাছৰ কিমান বাকী থাকিল, সেইটো ভাবি মানসিক চাপ নবঢ়াব । যিমান শেষ কৰিব পাৰিছে, সিমানখিনিৰ ওপৰতে আস্থা ৰাখক ।’’

শিক্ষাৰ্থীসকলৰ স’তে মত বিনিময়ৰ সময়ত তেওঁলোকৰ নানা প্রশ্নৰো উত্তৰ দিছে প্রধানমন্ত্রীয়ে । তেওঁৰ উপদেশ, ‘‘পৰীক্ষাক লৈ অধিক চিন্তা কৰিলে মনত সংশয়ৰ সৃষ্টি হ’ব ।’’ পৰীক্ষাত সাফল্যৰ ঠিকনা বিচাৰি পাবলৈ শিক্ষাৰ্থীসকলক উদ্দেশ্যি কৈছে, ‘‘প্রস্তুতি ঠিক মতে নহ’লে মনত সংশয়ৰ সৃষ্টি হয় । সেয়ে যদি ভালকৈ প্রস্তুতি কৰা হয়, পৰীক্ষা ভাল হ’বই ।’’

অতিমাৰী পৰিস্থিতিত শিক্ষাপ্রতিষ্ঠান বন্ধ থকাত শিক্ষাৰ্থীসকলে অনলাইনত পঢ়া-শোনা কৰিবলগীয়া হৈছে । ব’র্ড পৰীক্ষার্থীসকলক আস্বস্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘অনলাইন আৰু অফলাইন পঢ়া-শোনাত কোনো পাৰ্থক্য নাই । অনলাইনত পঢ়া-শোনাৰ সময়ত মনটো অলপ স্থিৰ কৰিব লাগিব ।’’

Exit mobile version