পৰৱৰ্তী মহামাৰী সন্দৰ্ভত কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই ?

opinion impact of covid 19 on the indian economy

কৰ’না ভাইৰাছৰ তাণ্ডৱ এতিয়াও বিশ্বৰ কেবাখনাে দেশত অব্যাহত আছে। এনে সময়তে বিশ্ব স্বাস্থ্য সংস্থা (হু) ই ভৱিষ্যতে সম্ভাব্য মহামাৰীৰ সন্দৰ্ভত বিশ্ববাসীক সতর্ক কৰিলে। হুৱে কয় যে ভাইৰাছৰ জৰিয়তে সংক্রমিত হােৱা ৰােগৰ প্রকোপ বিশ্বজুৰি বৃদ্ধি পাইছে।

বিশেষকৈ কীট-পতংগৰ জৰিয়তে সংক্রমিত হােৱা ৰােগসমূহ আগন্তুক সময়ত মহামাৰীৰ কাৰণত পৰিণত হ’ব পাৰে বুলি হুৱে সকীয়াই দিয়ে। জীকা, য়েল্ল’ ফিভাৰ, চিকনগুনিয়া, ডেংগীৰ দৰে ৰােগসমূহ কীট- পতংগৰ জৰিয়তে মানৱ দেহলৈ সংক্রমিত হয়।

বিশেষকৈ এইসমূহ ৰােগৰ সংক্রমণ বৃদ্ধি ক্ষেত্ৰত মহে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। জীকাৰ দৰে ভাইৰাছৰ সংক্রমণে আফ্রিকাৰ দেশত পূর্বে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল।

আন্তর্জাতিক স্বাস্থ্য সংস্থাটোৰ বিশেষজ্ঞৰ মতে, আগন্তুক সময়ত এই ধৰণৰ কীটপতংগৰ জৰিয়তে সোঁচৰা ৰােগৰ প্রকোপ বিশ্বত বৃদ্ধি পাব পাৰে আৰু মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ শংকা আছে।

স্মর্তব্য যে হুৰ সম্ভাব্য মহামাৰীৰ তালিকাত থকা জীকা ভাইৰাছৰ সংক্রমণে ২০১৬ বৰ্ষত বিশ্বৰ ৮৯ খনৰাে অধিক দেশত ত্ৰাসৰ সৃষ্টি কৰিছিল। একেদৰে ২০০০ বৰ্ষৰ পৰাই বিশ্বৰ একাংশ দেশত ‘য়েল্ল’ ফিভাৰ’ সংক্রমণ বৃদ্ধি পাই আহিছে।

এই ৰােগ বিশ্বৰ ৪০ খন দেশলৈ সংক্রমিত হােৱাৰ শংকা আছে বুলি হুৱে জানিবলৈ দিয়ে। এই ৰােগত আক্রান্ত হলে ৰােগীৰ শৰীৰ হালধীয়া ৰঙৰ হয় আৰু ৰােগীয়ে তেজ বমি কৰে। ইফালে, বিশ্বজুৰি প্রতিবছৰে ১৩০ খন দেশত ৩৯০ নিযুত লােক ডেংগীত আক্ৰান্ত হৈ আহিছে। এই ৰােগত বিশ্বজুৰি যথেষ্ট সংখ্যক লােকৰ মৃত্যুও হৈছিল। চিকনগুনিয়াৰ ফলত মৃত্যুৰ ঘটনা সীমিত হলেও কীটবাহিত এই ৰােগৰ প্ৰভাৱ বিশ্বৰ ১১৫ খন দেশত প্রত্যক্ষ হৈছে।

Exit mobile version