Aryan Khan Case: আৰিয়ান খান মাদক গোচৰৰ অন্যতম সাক্ষী প্ৰভাকৰ ছেইলৰ মৃত্যু

Aryan Case witness Death

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় আৰিয়ান গোচৰৰ অন্যতম সাক্ষী প্ৰভাকৰ ছেইল । মুম্বাইৰ মহুল অঞ্চলৰ এটা ভাড়াঘৰত বাস কৰিছিল প্ৰভাকৰ। তথ্য অনুসৰি শুক্ৰবাৰে আবেলি তেওঁ তাতে শেষ নিশ্বাস ত্যাগ কৰে।

যোৱা দুই অক্টোবৰত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে অভিযান চলাইছিল মুম্বাইৰ বিলাসী কৰ্ডেলিয়া ক্ৰুজত । তাৰ পৰা আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট, মুনমুন ধামেচাক গ্ৰেপ্তাৰ কৰা হয়।

২৪ ঘণ্টাৰ ভিতৰত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। পাছত, শ্বাহৰুখ খানৰ পুত্ৰক আৰ্থাৰ ৰোড কাৰাগাৰত ৰখা হয়। আৰিয়ানক ২৮ অক্টোবৰত বোম্বাই উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল।

তথ্য অনুসৰি প্ৰভাকৰ আৰিয়ান গোচৰৰ আন এজন সাক্ষী কে পি গোসাভিৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আছিল। যেতিয়া শ্বাহৰুখৰ পুত্ৰক এনচিবি কাৰ্যালয়লৈ লৈ যোৱা হৈছিল, গোসাভিয়েই তেওঁৰ স’তে এখন চেলফি পোষ্ট কৰিছিল।

প্ৰভাকৰে তেওঁৰ মাক, পত্নী আৰু দুই সন্তানৰ স’তে মুম্বাইৰ ভাড়াঘৰত বাস কৰিছিল। পৰিয়ালটোৱে কোৱা অনুসৰি তেওঁৰ মৃত্যুত কোনো অস্বাভাৱিকতা নাছিল।

Exit mobile version