দিনটোত কিমান পৰিমাণৰ চেনি খাব ?

a woman putting sugar in a cup of tea and wondering if it will cause inflammation

আজিকালি চেনি খাওতে প্ৰায়ভাগ লোকেই সতৰ্কতা অৱলম্বন কৰা দেখা যায় । কিয়নো অতি সম্প্ৰতি ডায়েবেটিছত আক্ৰান্ত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে । বিনা চেনিৰ চাহ খোৱা লোকৰ সংখ্যাও বাঢ়িছে । দৰাচলতে চেনি খোৱাটো বেয়া নহয়, মাথোঁ অতিৰিক্ত পৰিমাণেহে খাব নালাগে । এজন সুস্থ লোকে নিতৌ ২৫ গ্ৰাম অৰ্থাৎ ছয় চামুচতকৈ বেছি চেনি খাব নালাগে ।

আমেৰিকান হাৰ্ট এছ’চিয়েছনৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ প্ৰতিগৰাকী লোকে গড়ে ২২ চামুচ চেনি খায় অতিৰিক্ত চেনি খোৱাৰ ফলত মেদবহুলতাৰ সমস্যাই গা কৰি উঠে । তদুপৰি উচ্চ ৰক্তচাপ, হৃদৰোগ আদিৰ দৰে ৰোগেও গা কৰি উঠাৰ আশংকা থাকে । শেহতীয়াভাৱে অতিৰিক্ত চেনি খোৱাৰ ফলত যে ৰক্তচাপ বৃদ্ধি পায় সেই গৱেষকসকলে নতুন নতুন তথ্য লাভ কৰিছে ।

অতিৰিক্ত চেনি খোৱাৰ ফলত মস্তিষ্কত ডোপাইন নামৰ এবিধ হৰম’ন ক্ষৰণ এইবিধ হৰম’নে সুখ-দুখ, হাঁহি-আনন্দ আদি অনুভূতি নিয়ন্ত্ৰণ কৰে । চেনি খোৱা মানেই শৰ্কৰা বৃদ্ধি । ইয়াৰ পৰোক্ষ প্ৰভাৱৰ ফলত কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগ বৃদ্ধি হোৱাৰ আশংকা থাকে । সেইবাবে অতিৰিক্ত চেনি খাওতে সকলোৱে সতৰ্কতা অৱলম্বন কৰা উচিত ।

দৈনন্দিন জীৱনত সাধাৰণতে এনেবোৰ কৰাৰ ওপৰত প্ৰায়ভাগ লোকেই এক জটিল সমস্যাৰ মাজত সোমাই পৰে । যেতিয়া সমস্যাই জটিল ৰূপ ধাৰণ কৰে তেতিয়া চিকিৎসকৰ ওচৰলৈ পৰামৰ্শ বিচাৰি যায় । সেইবাবে চেনি খাওতে সকলোৱে সতৰ্কতা অৱলম্বন কৰা উচিত ।

Exit mobile version