কচুগাঁৱত বিটিচিৰ জ্ঞান স্বৰাং আঁচনিৰ জৰিয়তে চেক বিতৰণ

WhatsApp Image 2022 04 03 at 4.23.57 PM

বিটিআৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ বিটিচি চৰকাৰে জ্ঞান স্বৰাং আঁচনিৰ জৰিয়তে গোসাঁইগাঁও মহকুমাৰ কচুগাঁৱত পাঁচ হেজাৰ টকাৰ চেক বিতৰণ কৰে । চেক বিতৰণ কৰে বিটিআৰৰ কাৰ্য্যবাহী সদস্য উকিল মুছাহাৰীয়ে ।

কচুগাঁওস্থিত ইউপিপিএল দলৰ কাৰ্যালয়ত অনুষ্ঠিত চেক বিতৰণ কাৰ্যসূচীত বিটিচিৰ কচুগাঁও সমষ্টিৰ ২০ গৰাকী ছাত্ৰ-ছত্ৰীক পাঁচ হেজাৰ টকাৰ চেক বিতৰণ কৰি ই এম উকিল মুছাহাৰীৰে কয় যে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিকাশৰ বাবে বিটিচি চৰকাৰে ইতিমধ্যে বহুতো আঁচনি হাতত লৈছে আৰু ভৱিষ্যতেও একাধিক আঁচনি লোৱা হ’ব ।

Exit mobile version