আলোচনাৰ মাধ্যমতেই ভাৰতৰ স’তে পাকিস্তানৰ সকলো বিবাদৰ শান্তিপূর্ণ নিষ্পত্তিৰ বার্তা দিলে পাকিস্তানৰ সেনাপ্রধান জেনেৰেল কমৰ জাভেদ বাজৱাই । পাকিস্তানৰ চলিত ৰাজনৈতিক অশান্তি আৰু ইমৰান খানৰ চৰকাৰৰ অনিশ্চিত ভৱিষ্যতক লৈ দেশে-বিদেশে আলোচনাৰ মধ্যমতেই ৰাজধানী ইছলামাবাদত চলা দুদিনৰ ‘ইছলামাবাদ নিৰাপত্তা সংলাপ’-ৰ শেষ দিনত তেওঁ কয়, ‘‘ভাৰতৰ স’তে সমস্ত বিৰোধ আলোচনাৰ মাধ্যমত শান্তিপূর্ণ পথত সমাধান কৰা উচিত । কাশ্মীৰসহ সকলো সমস্যা সমাধানৰ বাবে কূটনৈতিক আলোচনাতেই বিশ্বাসী ইছলামাবাদ ।’’
২০১৪ত নৰেন্দ্র মোদীয়ে প্রথমবাৰ চৰকাৰ গঠন কৰাৰ পাছত আৰম্ভণিতে দুই দেশৰ সম্পর্ক নৰমে-গৰমে চলিলেও ২০১৯ত জম্মু-কাশ্মীৰৰ পৰা ভাৰতে সংবিধানৰ ৩৭০ অনুচ্ছেদ প্রত্যাহাৰ কৰাৰ পাছত দ্বিপাক্ষিক সম্পর্ক খাপ খায় । সীমান্তক লৈ দুই দেশৰ দীর্ঘ বিবাদৰ লগতে দুবছৰ ধৰি চীনৰ স’তেও ভাৰতৰ সীমান্তক লৈ বিৰোধ চলিছে ।
নিৰাপত্তা সন্মিলনত সেই প্রসংগ উত্থাপন কৰাৰ লগতে সামগ্রিকভাৱে উপমহাদেশৰ পৰিস্থিতি সন্দৰ্ভত জেনেৰেল বাজৱাই কয়, ‘‘উপসাগৰীয় অঞ্চলসহ বিশ্বৰ এক-তৃতীয়াংশ অঞ্চলত ক’ৰবাত নহয় ক’ৰবাত, কিবা নহয় কিবা সংঘাত আৰু যুদ্ধ চলিছে । সেয়ে, আমাৰ অঞ্চলৰ পৰা এই জুইৰ শিখা দূৰত ৰখা গুৰুত্বপূর্ণ ।’’ ইয়াৰ পাছতেই তেওঁ আৰু কয়, ‘‘পাকিস্তান কাশ্মীৰ বিৰোধসহ সমস্ত সমস্যা সমাধানৰ বাবে আলোচনা আৰু কূটনীতিত বিশ্বাস কৰে আৰু ভাৰতে যদি সেয়া কৰিবলৈ প্ৰস্তুত হয়, তেতিয়া আমি আগুৱাই যাবলৈ প্রস্তুত ।’’
পাক সেনাপ্রধানৰ এই মন্তব্যত অস্বাভাৱিক একো নাথাকিলেও কূটনৈতিক মহলে বাজৱাৰ এই আলোচনাৰ বার্তা দিয়াত অন্য কোনো কাৰণ দেখা নাই । পাকিস্তানৰ উপৰিও বিগত দুবছৰ ধৰি সীমান্তক লৈ ভাৰতৰ স’তে চীনৰ দ্বন্দ্ব চলিছে । চীন আৰু পাকিস্তানৰ পাৰস্পৰিক সম্পর্ক অত্যন্ত শক্তিশালী । এনে পৰিস্থিতিত দিল্লীৰ ওপৰত পৰোক্ষ চাপ বৃদ্ধি কৰিবলৈ আজি ভাৰত-চীন সীমান্ত বিৰোধৰ বিষয়টোও পুনৰ এবাৰ সুকৌশলত উচতনি দিছে পাক সেনাপ্রধানে ।
ইছলাবামাবাদৰ অনুষ্ঠানত পাক সেনাপ্রধানে কয়, ‘‘কাশ্মীৰ বিৰোধৰ উপৰিও ভাৰত আৰু চীনৰ মাজত সীমান্তক লৈ বিৰোধ আছে । পাকিস্তানৰ বাবে এইটোও গভীৰ উদ্বেগৰ বিষয় । আমি আলোচনাৰ মাধ্যমত আৰু কূটনৈতিক পথত এই বিৰোধৰো দ্রুত নিষ্পত্তি হোৱাটো বিচাৰো ।’’ কূটনীতিকসকলে কয়, ভাৰত-চীন-পাকিস্তান— এই তিনি দেশীয় অঞ্চলত শান্তি বজায় ৰাখিবলৈ পৰোক্ষভাৱে ত্রিপাক্ষিক আলোচনাৰ পথ অৱলম্বন কৰাৰ ইংগিত দিছে পাকিস্তানে । তাৎপর্যপূণ হ’ল, ভাৰতে সেই ধৰণৰ কোনো আলোচনাত বহিলে চীন আৰু পাকিস্তান নিশ্চিতভাৱে পৰস্পৰৰ সমর্থন লাভ কৰি বহু বেছি চাপত ৰাখিব পাৰিব দিল্লীক । সেয়ে পাক সেনাপ্রধানৰ শান্তি আলোচনার মন্তব্যক লৈ এতিয়াই একো কোৱা নাই কূটনীতিকসকলৰ একাংশই ।
ইছলামাবাদৰ সন্মিলনৰ শেষ দিনত কিছু ৰাষ্ট্রনায়কৰ ধঙত জেনেৰেল বাজৱাই কয়, ‘‘মই বিশ্বাস কৰো, ৰাজনৈতিক নেতাসকলে তেওঁলোকৰ আবেগ আৰু পক্ষপাতিত্বৰ ঊর্ধ্বত ইতিহাসৰ শিকলি ছিঙি এই অঞ্চলৰ প্রায় তিনিশ কোটি মানুহৰ বাবে শান্তি আৰু সমৃদ্ধি অনাৰ সময় আহিছে ।’’ নতুন দিল্লী-ইছলামাবাদ শান্তি আলোচনাৰ ক্ষেত্রত ভাৰতৰ ৰাজনৈতিক নেতাসকলৰ একাংশৰ অটল আচৰণ এটা বাধা বুলিও ভাবে পাক সেনাপ্রধানে ।