ব্যৰ্থ চৰকাৰৰ জলজীৱন আঁচনি

আজিকোপতি গাঁওবাসীয়ে খাবলৈ পোৱা নাই এটোপাল পানী

জনীয়া সমষ্টিৰ খেল্লি গাঁৱৰ আব্দুল কৰিমে আগবঢ়োৱা ভূমিত ২০১৩ত অসম চৰকাৰে পানী যোগান আঁচনিৰ কাম কৰিছিল । কিন্তু আজিকোপতি গাঁওবাসীয়ে এটোপাল পানীও পান কৰিবলৈ সক্ষম হোৱা নাই ।

জলজীৱন আঁচনিৰ নামত পুনৰ চৰকাৰে ঠিকাদাৰ গুনিন দাসৰ জৰিয়তে আব্দুল কৰিমৰ মাটিত এটা পাইপ বইৰিঙ আৰু এটা ট্ৰান্সফৰ্মাৰ স্থাপন কৰিয়েই দায়িত্ব সামৰিছে । পানী বিচাৰি গাঁওবাসীয়ে আব্দুল কৰিমক তাগিদা দি থাকে বুলি আব্দুল কৰিমে সাংবাদিকক জনায় ।

পানী যোগান আঁচনি সন্দৰ্ভত আব্দুল কৰিমে প্ৰশিক্ষণ গ্ৰহণ কৰিছে যদিও কৰিমক চৰকাৰে প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে । বিগত ১০ বছৰে আব্দুল কৰিমে দান কৃত মাটি ডোখৰত পাচলি খেতি কৰিলেও পৰিয়ালৰ স’তে সুকলমে চলিব পাৰিলেহেঁতেন বুলি সাংবাদিকক জনায় ।

শীঘ্ৰেই চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । অন্যথা মাটি খালী কৰি দিয়াৰ আহ্বান জনাইছে আব্দুল কৰিমে ।

Exit mobile version