মূল্যবৃদ্ধিৰ জুই, নিৰ্বিকাৰ চৰকাৰ

ইন্ধনৰ দৈনিক মূল্য বৃদ্ধিত এসপ্তাহত পাচলিৰ মূল্য ৫০ শতাংশলৈ বৃদ্ধি

A Weekly Market of Nagaon Assam

পেট্ৰ’ল-ডিজেলৰ নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিয়ে দপ্‌দপ্‌কৈ জুই জ্বলাইছে বজাৰত । চৰকাৰক স্পৰ্শ নকৰিলেও সাধাৰণ জনতাক দেই পুৰি অনা এই জুইৰ তাপ বিশেষকৈ ইন্ধনৰ মূল্যৰ লগে লগে বাঢ়িয়েই গৈ আছে । এই গতি কেতিয়ালৈ থমকিব তাৰ কোনো নিশ্চয়তা নাই । ফলত যোৱা এসপ্তাহৰ ভিতৰত বিশেষকৈ শাক-পাচলিৰ মূল্য হোৰাহোৰে বাঢ়িছে । অসমলৈ শাক-পাচলিৰ বাদে আন সকলো সামগ্ৰী বহিঃৰাজ্যৰ পৰা আহে । শাক-পাচলি অসমত উৎপাদন হৈ অসমতে বিক্ৰী হয় । অথচ ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত অসমতে উৎপাদিত সামগ্ৰীৰো অসমতে মূল্য বাঢ়িছে ।

মাত্ৰ সাতদিনৰ ভিতৰতে প্ৰতিবিধ পাচলিৰ মূল্য কমেও ৫০ শতাংশ বৃদ্ধি হৈছে । পশ্চিম অসমৰ অন্যতম বৃহৎ পাচলি উৎপাদনৰ সমবায় সমিতি সৰভোগ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সভাপতি প্ৰভাত দাসে কয় যে পথাৰৰ পৰা পাইকাৰী বজাৰলৈ পাচলি নিয়াৰ বাবে এসপ্তাহ আগলৈ গাড়ী এখনৰ ভাড়া য’ত এহেজাৰ টকা আছিল, এতিয়া ১২-১৩শ টকা হৈছে । ডিজেলৰ মূল্য বৰ্তমানৰ দৰে বাঢ়ি গৈ থাকিলে অতি কম দিনৰ ভিতৰতে ১৫শ টকা লাগিব বুলি বাহনৰ চালক-কৰ্মচাৰীয়ে আগতীয়াকৈ অৱগত কৰিছে ।

গতিকে পৰিবহণ ব্যয় যদি এনেদৰে বাঢ়ি গৈ থাকে পাচলিৰ দামো অৱধাৰিতভাৱে বাঢ়ি যাব বুলি দাসে কয় । সাধাৰণ ৰাইজৰ পাকঘৰত ইতিমধ্যে জুই জ্বলোৱা এনে পৰিস্থিতিৰ প্ৰতি এতিয়ালৈকে চৰকাৰে ন্যূনতমো দৃষ্টি নিদিয়াটো ৰাইজৰ বাবেই চৰম দুৰ্ভাগ্য বুলিও তেওঁ মন্তব্য কৰে ।

এই প্ৰসংগতে অসমৰ বৃহৎ অঞ্চললৈ পাচলি যোগান ধৰা বৰপেটাৰোডৰ পাইকাৰী বজাৰত মাত্ৰ এসপ্তাহৰ ভিতৰতে বন্ধাকবিৰ প্ৰতি কিলোগ্ৰামৰ পাইকাৰী মূল্য পাঁচৰ পৰা আঠ টকালৈ বৃদ্ধি হৈছে । পাইকাৰী বজাৰৰ এই মূল্যৰ দুগুণ দৰত অৰ্থাৎ প্ৰতি কিলোগ্ৰামত ১৫-১৬ টকাকৈ বন্ধাকবি খুচুৰা বজাৰত বিক্ৰী হৈছে । ফুলকবিৰ পাইকাৰী মূল্য এসপ্তাহৰ ভিতৰতে আঠ টকাৰ পৰা ১০-১২ টকালৈ বৃদ্ধি হৈছে । খুচুৰা মূল্যত তেনেদৰে পূৰ্বৰ ১৫ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি হৈছে ।

স্থানীয় আলুৰ মূল্য প্ৰতি কুইণ্টলত ১১শৰ পৰা ১২শ টকালৈ বাঢ়িছে । ফলত খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত পূৰ্বৰ ১৫ টকাৰ পৰা বৰ্তমান ১৭-১৮ টকা হৈছে । ৰঙালাউৰো পাইকাৰী মূল্য এসপ্তাহতে প্ৰতি কিলোগ্ৰামত ১৩ টকাৰ পৰা ১৫ টকা হৈছে । খুচুৰা মূল্য‌ও তেনেদৰে ২০-২২ টকা হৈছে । জিকাৰ মূল্য‌ও এসপ্তাহতে খুচুৰা বজাৰত ৪০ৰ পৰা ৭০-৮০ টকালৈ বৃদ্ধি হৈছে । বজাৰৰ পৰা দূৰত্বৰ ওপৰত ভিত্তি কৰি খুচুৰা মূল্য ঠাইভেদে আৰু অধিক বৃদ্ধি হৈছে ।

বৰপেটাৰোডৰ দৰে খাৰুপেটীয়াৰ বৃহৎ পাইকাৰী বজাৰতো একেদৰতে বিধে বিধে পাচলি বিক্ৰী হৈছে । গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰধান চহৰকেইখনত মূল্যবৃদ্ধিৰ এই পৰিমাণ আৰু অধিক বুলি মহানগৰীৰ গড়চুকৰ পাচলি বজাৰৰ পাইকাৰী ব্যৱসায়ী আব্দুছ ছামাদে জনায় ।

হঠাৎ মূল্যবৃদ্ধিয়ে নতুন গতি লাভ কৰা সন্দৰ্ভত বৰপেটাৰোডৰ নাম প্ৰকাশত অনিচ্ছুক এজন পাইকাৰী ব্যৱসায়ীয়ে মন্তব্য কৰে যে বজাৰলৈ সামগ্ৰী অনাৰ সময়ত ৰাস্তাৰ আৰক্ষীক যিমান টকা আদায় দিব লাগে তাতকৈও অধিক ভয় এতিয়া গাড়ীৰ ভাড়াক লৈহে হৈছে । কাৰণ ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত গাড়ী ভাড়াৰ পৰিমাণো দৈনিক বৃদ্ধি হৈছে ।

Exit mobile version