Worrying Body Odors : তিনিটা অদ্ভুত গোন্ধই জনাব আপোনাৰ শৰীৰ কেনে আছে

1648912427 landscape 1444668184 gettyimages 111035040

শৰীৰৰ দুর্গন্ধ সকলোৰে বাবে বেচ লজ্জাজনক বিষয় । বিশেষকৈ এই গৰমত ঘাম বেছিকৈ ওলায় । নিজকে দুর্গন্ধমুক্ত ৰাখিবলৈ ব্যৱহাৰ কৰা হয় বিভিন্ন ডিওড্রেন্ট, সুগন্ধি । সকলোৰে ক্ষেত্রত ঘামৰ পৰিমাণ পৃথক হ’লেও, ঘাম বন্ধ কৰাৰ কোনো উপায় নাই । শৰীৰৰে অতিৰিক্ত পানী আৰু কিছু মিনাৰেল ঘাম হিচাপে ওলিয়াই দিয়ে । ঘামৰ গোন্ধৰ উপৰিও শৰীৰৰ পৰা মাজেমাজে অদ্ভুত গোন্ধ ওলায় । প্রথমে সেয়া অবহেলা কৰে অনেকে । পাছত ঠিক হৈ যাব ভাবি এৰি দিয়ে । কিন্তু শৰীৰৰ পৰা ওলোৱা বিভিন্ন গোন্ধ‌ই প্ৰকৃততে শাৰীৰিক কিছু অৱস্থাৰ ইংগিত দিয়ে ।

১) যৌনাংগৰ পৰা ওলোৱা গোন্ধ : সঠিক পৰিচ্ছন্নতাৰ অভাৱত পুৰুষাংগৰ পৰা ওলোৱা এক প্ৰকাৰৰ গোন্ধ । নিয়মিত পৰিচ্ছন্নতাৰ অভাৱত পুৰুষাংগৰ ছালত মৃত কোষ জমা হৈ থাকে । দীর্ঘ দিন imgimgধৰি সেয়া জমা হৈ থাকিলে ছালত ক্ষত তৈয়াৰ হয় । তাৰ পৰাই ওলায় গোন্ধ । কেৱল পুৰুষ নহয়, মহিলাসকলৰ ক্ষেত্রতো এনে হ’ব পাৰে । এনে ধৰণৰ সমস্যা হ’লে ক্ষাৰযুক্ত চাবোন ব্যৱহাৰ নকৰাই ভাল । ইয়াৰ ফলত ক্ষত আৰু বাঢ়ি যাব পাৰে ।

২) গোন্ধযুক্ত শ্বেতস্রাৱ : বিভিন্ন বয়সত শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে মহিলাৰ শ্বেতস্রাৱ হয় । মাজে মাজে শ্বেতস্রাৱৰ পৰা গোন্ধ ওলায় । ‘বেক্টেৰিয়েল ভেজিন’ছিছ’ যোনিত সৃষ্টি হোৱা বেক্টেৰিয়াজাত এক প্ৰকাৰৰ প্রদাহ । এই প্রদাহৰ বাবে মূলত শ্বেতস্রাৱৰ পৰা গোন্ধ ওলায় । এই ধৰণৰ গোন্ধযুক্ত শ্বেতস্রাৱ হ’লে অৱশ্যেই চিকিৎসকৰ পৰামর্শ ল‌ওক ।

৩) ভৰিৰ দুর্গন্ধ : দিনৰ বেছিভাগ সময়থ ঘৰৰ বাহিৰত থাকে অনেকে । ফলত সকলো সময়তেই ভৰিত জোতা মোজা পৰিধান কৰি থকা হয় । গৰমৰ সময়ত ভৰি বেছি ঘামি যায় । জোতা পিন্ধি থকাৰ বাবে ভৰিৰ ঘামো নোশুকাই । ভৰিত প্রায় ২৫ লাখ ঘর্ম গ্রন্থি থাকে । ঘাম জমা হৈ থকাৰ ফলত ভৰিত জন্ম হয় বেক্টেৰিয়াৰ । তাৰ পৰা মূলত উৎপত্তি হয় গোন্ধৰ । ভৰিৰ দুর্গন্ধৰ পৰা হাত সাৰিবলৈ ছিন্থেটিক মোজা আৰু প্লাষ্টিকৰ জোতা পিন্ধাৰ পৰা বিৰত থাকক । বিশেষকৈ গৰমৰ সময়ত খোলা-মেলা জোতা পিন্ধক । ভৰি বতাহৰ সংস্পর্শত থাকিলে ভৰিত জমা হৈ থকা ঘাম দ্রুত শুকাই যাব ।

Exit mobile version