প্ৰথম পাকিস্তানী মহিলা হিচাপে গ্ৰেমী জয় আৰুজৰ

arooj aftab first pakistani woman to win grammy mohabbat best global music performance@2000x1270 696x442 1

২০২২ৰ গ্ৰেমী বঁটাৰ ‘বেষ্ট গ্ল’বেল মিউজিক ফাৰ্ম’মেন্স’ শিতানত প্ৰথম গ্ৰেমী লাভ কৰিলে পাকিস্তানী মূলৰ সংগীত শিল্পী আৰুজ আফতাবে ।

‘মোহাব্বত’ৰ জৰিয়তে গ্ৰেমী বঁটাৰ অনুষ্ঠানত এইদৰে সন্মানিত হ’ল আৰুজ । পাকিস্তানৰ এইগৰাকী সুৰকাৰে বৰ্তমানে আমেৰিকাৰ নিউ য়ৰ্কত বাস কৰে ।

প্ৰকাশিত তথ্য অনুসৰি পাকিস্তানৰ পৰা এয়ে প্রথম কোনো মহিলাই গ্ৰেমী বঁটাত এই সন্মান লাভ কৰিলে ।

আৰুজৰ পিতৃ-মাতৃ পাকিস্তানী মূলৰ আৰু আৰুজৰ জন্ম হৈছিল ছৌদি আৰৱত । পাছত তেওঁ লাহোৰত ডাঙৰ-দীঘল হৈছিল । পৰৱৰ্তী সময়ত আৰুজে ব’ষ্টনৰ বিখ্যাত বাৰ্কলি স্কুল অৱ মিউজিকত মিউজিকেল প্ৰডাকচন আৰু ইঞ্জিনিয়াৰিং বিষয় অধ্যয়ন কৰিছিল ।

২০১৪ বৰ্ষত তেওঁ প্ৰথম সংগীতৰ এলবাম ‘বাৰ্ড আণ্ডাৰ ৱাটাৰ’ প্ৰকাশ কৰিছিল ।

Exit mobile version