১৭ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হ’ব ৰণবীৰ-আলিয়া

Ranbir Kapoor 2

অৱশেষত বিবাহৰ দিন স্থিৰ হ’ল বলিউডৰ বহুচৰ্চিত অভিনেতা যুগল ৰণবীৰ কপুৰ আৰু আলিয়া ভাটৰ ।

চলিত মাহতে বিবাহপাশত আৱদ্ধ হ’ব বলিউডৰ এই অভিনেতা দম্পতী ।

‘টাইমছ অৱ ইণ্ডিয়া’ৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি অহা ১৭ এপ্ৰিলত বহু প্ৰতীক্ষিত ৰণবীৰ-আলিয়াৰ বিবাহখন আনুষ্ঠানিকভাৱে সম্পন্ন হ’ব । অৱশ্যে কোনো বিশেষ কাৰণতে বিবাহৰ দিন সলনি হ’ব পাৰে বুলিও সংবাদপত্ৰখনে উল্লেখ্য কৰিছে ।

পূৰ্বে এই বিবাহ কপুৰ পৰিয়ালৰ ‘আৰ কে হাউছ’ত সম্পন্ন হোৱাৰ কথা আছিল যদিও সংবাদপত্ৰখনত উল্লেখ কৰা অনুসৰি বিবাহবাহৰ সলনি কৰা হৈছে ।

Exit mobile version