গুৱাহাটী প্ৰেছ ক্লাৱত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু বজৰং দল অসম প্ৰদেশৰ সংবাদমেল

সংবাদমেল সম্বোধন সভাপতি প্ৰবীন টোগাডিয়াৰ

বাংলাদেশীৰ হাতৰ পৰা অসমৰ সত্ৰ ভূমি মুক্ত কৰা, মাদ্ৰাছা পৰিচালনাৰ বাবে অনুদান আগবঢ়োৱা বন্ধ কৰা আৰু ড্ৰাগছমুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ ।

১৯৫১ক ভিত্তিবৰ্ষ হিচাপে লৈ এন‌আৰচি পুনৰীক্ষণ কৰি অসমক বাংলাদেশীমুক্ত কৰিব লাগে আৰু ৫০ লাখ বাংলাদেশী বাংলাদেশলৈ প্ৰেৰণ কৰিব লাগে ।

প্ৰতিখন জিলাত বাংলাদেশীৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে লেব স্থাপন কৰিব লাগে । ডিএন‌এ পৰীক্ষাৰ জৰিয়তে বাংলাদেশীমুক্ত কৰিব লাগে অসমক ।

লাচিতৰ আদৰ্শৰে আগবাঢ়ি এবছৰৰ ভিতৰত অসমত এটাও বাংলাদেশী মুছলমান থাকিবলৈ নিদিয়ে বুলি মুখ্যমন্ত্ৰীৰ ওপৰত আশা প্ৰকাশ ।

নিবনুৱা

নিবনুৱা ৰোধ নকৰিলে দেশজুৰি আন্দোলন গঢ়ি তোলা হ’ব ।

প্ৰতিজন ই শ্ৰম কাৰ্ড থকা ব্যক্তিক বছৰি ছহেজাৰ টকাকৈ দিয়াৰ দাবী ।

নেচনেল ছেল্ফ এম্পল‌য়মেণ্ট ফৰামে এপ্ৰিলৰ শেষৰ ফালৰ পৰা লক্ষাধিক নিবনুৱাক চাকৰি দিয়াৰ বাবে অভিযান আৰম্ভ কৰিব ।

ইয়াৰ জৰিয়তে ভাৰতৰ এহেজাৰৰ ঠাইত ১০ হেজাৰ লোকক নিযুক্তি দিয়া হ’ব । ইয়াত স্থান পাব অসমৰ গামোচা, মেখেলা, চেলেং আদিয়ে । অসমৰ এহেজাৰ লোকৰ জৰিয়তে এইসমূহ সামগ্ৰী বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হ’ব ভাৰতৰ এশখন ঠাইত ।

অসমৰ পাট মুগা আৰু গামোচা দেশৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰাৰ ব্যৱস্থা কৰাৰ দাবী । ইয়াৰ ফলত হ্ৰাস পাব নিবনুৱাৰ সংখ্যা ।

দেশত দুখীয়া, দুখীয়া হৈ গৈ আছে ধনীসকল ধনী হৈ গৈ আছে । দেশত এক শতাংশ জি ডি পি বৃদ্ধি হ’লে এক কোটি চাকৰি হ’ব লাগে ।

কাশ্মীৰ ফাইলছ

ভাৰতৰ শেহতীয়া ৩২ বছৰৰ কেন্দ্ৰীয় বিফলতাৰ চাৰ্টিফিকেট হৈছে কাশ্মীৰ ফাইলছ ।

যদি “অসম ফাইলছ” বনিব নালাগে তেনেহ’লে এবছৰৰ ভিতৰত ১৯৫১ক ভিত্তিবৰ্ষ হিচাপে লৈ এন‌আৰচি পুনৰীক্ষণ কৰি ৫০ লাখ বাংলাদেশী চিনাক্ত কৰিব লাগে ।

Exit mobile version