Hybrid COVID XE : হাইব্রিড ক’ভিড XE-ক লৈ উদ্বেগ বৃদ্ধি ! এই ১০টা লক্ষণ দেখিলেই সাৱধান হ‌ওক

2021 7largeimg 290920815

নতুন কোনো ৰূপ নহয়, কৰ’নাৰ যোতীয়া ৰূপৰ একেলগে সংক্রমণে এতিয়াও বিজ্ঞানীসকলৰ আতংকৰ কাৰণ হৈ আছে । যুতিয়া কৰ’না সংক্রমণক বিজ্ঞানীসকলে কৎ, Hybrid COVID ।

প্রথমে মূলত ডেল্টা আৰু অ’মিক্রনৰ যুগ্ম সংক্রমণকেই Hybrid COVID কোৱা হৈছিল ‌। কিন্তু এতিয়া বিজ্ঞানীসকলে কৈছে, প্রায় তিনি প্ৰকাৰৰ হাইব্রিড ক’ভিড আছে । ইয়াৰ ভিতৰত বিশেষকৈ এটাক লৈয়ে উদ্বেগৰ কাৰণ আছে ।

কি কি ধৰণৰ হাইব্রিড ক’ভিড আছে ?

XD : ডেল্টা আৰু অ’মিক্রন BA.1-ৰ যুগ্ম সংক্রমণটোক এই হাইব্রিড ক’ভিড বুলি কোৱা হয় । এইটো মাৰাত্মক হাৰত বৃদ্ধি পাইছে ।

XF : ইংলেণ্ডৰ ডেল্টা ৰূপ আৰু অ’মিক্রন BA.1-ৰ যুগ্ম সংক্রমণটোক এই গোত্রৰ হাইব্রিড ক’ভিডৰ ভিতৰত ধৰা হৈছে ।

XE : এই হাইব্রিড ক’ভিডৰ সংক্রমণো ইংলেণ্ডতেই ব্যাপক হাৰত বাঢ়িছে । এইটো অ’মিক্রন BA.1 আৰু BA.2-ৰ যুগ্ম সংক্রমণৰ ফলত সৃষ্টি হৈছে ।

 

কি কৈছে বিশ্ব স্বাস্থ্য সংস্থা বা WHO-ৱে ?

বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে, ইংলেণ্ডত ১৯ জানুৱাৰীত প্রথম এই যুতিয়া ক’ভিডৰ সংক্রমণ ধৰা পৰিছে । তাৰ পাছৰ পৰা এই ক’ভিডে মাৰাত্মক আকাৰ লৈছে ।

 

XE ক’ভিডৰ উপসৰ্গবোৰ কি কি ?

মূলত ১০টা উপসর্গৰ কথা কোৱা হৈছে এই ক’ভিড সম্পর্কে ।

জ্বৰ
ডিঙিৰ বিষ
ডিঙি খুচখুচুৱা
চর্দি আৰু কাহ
গাৰ ছাল এৰা
ছালৰ ৰং বদলি যোৱা
পেটৰ গণ্ডগোল
স্নায়ুৰ সমস্যা
গা-হাত-ভৰি বিষ
চকু জলা

বিজ্ঞানীসকলে কৈছে, এই ধৰণৰ উপসর্গবোৰত লক্ষ্য ৰাখক । এনে কোনো উপসর্গ দেখা দিলে দ্রুত চিকিৎসকৰ পৰামর্শ ল‌ওক ।

Exit mobile version