Kim Jong Un : আৰু এক ইঞ্চি আগুৱালে পৰমাণু আক্ৰমণত তছনছ হ’ব দক্ষিণ কোৰিয়া ! কিমৰ ভগ্নীৰ সকীয়নি

624a2bb6e22adb0018d1cb88

দুই কোৰিয়াৰ মাজত পুনৰ যুদ্ধৰ ক’লা ডাৱৰ । এইবাৰ সেয়া আৰু ভয়ংকৰ হোৱাৰ ইংগিত । উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনৰ ভগ্নী কিম ইয়ো জঙে প্ৰত্যক্ষভাৱে সকীয়নি দিলে, দক্ষিণ কোৰিয়াই যদি উত্তৰ কোৰিয়াৰ ভূখণ্ডৰ দিশে আৰু এক ইঞ্চিও আগবঢ়াৰ দুঃসাহস কৰে, তেনেহ’লে চিঅ’লসহ সমগ্ৰ দেশ পৰমাণু আক্ৰমণত তছনছ কৰিবলৈ এক মুহূর্তও সময় নালাগিব ।

ADVERTISEMENT

উত্তৰ কোৰিয়াৰ একনায়ক কিমৰ ভগ্নী কিম ইয়োই প্ৰত্যক্ষভাৱে সকীয়নি দিলে পৰমাণু আক্রমণৰ । ঘটনাচক্রে, চলিত বৰ্ষৰ এপ্রিলতেই ন টা মহাশক্তিধাৰী ক্ষেপণাস্ত্রৰ পৰীক্ষামূলক প্রয়োগ সম্পন্ন কৰিছে পিয়ংইয়ঙে । তাৰ পাছত এই সকীয়নিয়ে, অঞ্চলজুৰি যুদ্ধৰ উত্তাপ বহু গুণে বৃদ্ধি কৰিছে ।

কিম জঙৰ কনিষ্ঠ ভাগ্নী ইয়ো জং । বর্তমান তেওঁকেই দাদা কিমৰ আটাইতকৈ ঘনিষ্ঠ আৰু বিশ্বস্ত বুলি ভবা হয় । সূত্রৰ খবৰ, দক্ষিণ কোৰিয়াৰ স’তে উত্তৰৰ সম্পর্ক কেনে হ’ব, তাৰ ভাৰ কিমে ভগ্নীৰ হাততেই দিছে । কিন্তু কোন প্রসংগত এই কথা ক’লে ইয়োৱে ?

সূত্রৰ খবৰ, দক্ষিণ কোৰিয়াৰ প্রতিৰক্ষা মন্ত্রীয়ে সম্প্রতি কৈছিল, তাৎপর্যপূর্ণভাৱে অত্যাধুনিক ক্ষেপণাস্ত্রৰ ভাণ্ডাৰ তেওঁলোকৰ হাতত আছে । ইয়াকেই হুমকি হিচাপে লৈছে পিয়ংইয়ঙে । তাৰেই ফল কিমৰ ভগ্নীৰ এই হুমকি । তেওঁ কয়, ‘‘যদি দক্ষিণ কোৰিয়াৰ সেনাই যদি আমাৰ ভূখণ্ডৰ এক ইঞ্চি ভূমিও দখলৰ মনোভাব ৰাখে, তেনেহ’লে তাৰ পৰিণাম ভয়ানক হ’ব । চিঅ’লে ভাবিব‌ও পৰা নাই, কি হ’বলৈ গৈ আছে ।’’

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদমাধ্যমে জনাইছে, ইয়ো জঙে প্ৰত্যক্ষভাৱে হুমকি দি কৈছে, ‘‘যদি পৰিস্থিতি এনেকুৱাই হয়, যি সঁচাকৈয়ে দক্ষিণ কোৰিয়াই আমাৰ স’তে সংঘাতত লিপ্ত হ’ব বিচাৰিছে, তেনেহ’লে আগতেই কৈ থ‌ওঁ, পৰমাণু আক্ৰমণৰ বাবে যেন প্রস্তুতি আৰম্ভ কৰি দিয়ে তেওঁলোকে ।’’

ৰাছিয়া-ইউক্রেইন যুদ্ধ পৰিস্থিতি ক্রমশ ভয়াৱহ দিশলৈ গৈ আছে । ইতিমধ্যে যুদ্ধৰ প্ৰভাৱ পৰিছে বিশ্ব অর্থনীতিত, জ্বলি পুৰি মৰাৰ অৱস্থা সাধাৰণ জনতাৰ । তেনে সময়তে পুনৰ ৰণহুংকাৰ শোনা গ’ল কোৰিয়াৰ পৰা । প্রমাদ গুনিছে বিশ্ব‌ই ।

Exit mobile version