উন্নয়নৰ সংজ্ঞা নজনা গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত এটা ৱাৰ্ড

স্মাৰ্ট চিটি হোৱাৰ দিশত অগ্ৰসৰ হোৱা গুৱাহাটী মহানগৰীৰ মূল পথ সমূহ তথা কিছু কিছু অঞ্চলৰ বাদে অধিক সংখ্যকেই উন্নয়নৰ দিশৰ পৰা একেবাৰে পিছপৰা ।

ADVERTISEMENT

উন্নয়নৰ নামত ৰাইজে পাইছে কেৱল প্ৰতিশ্ৰুতিৰ । প্ৰতিশ্ৰুতি পাই অহা গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত তেনে এক ৱাৰ্ড হৈছে ২৫ নং ৱাৰ্ড ।

পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত এই ৱাৰ্ডৰ বাসিন্দা সকলে খোৱাপানী, নলা-নৰ্দমাকে ধৰি কেতবোৰ সমস্যাৰে ভাৰাক্ৰান্ত ।

উন্নয়নৰ নামত কেৱল ভেকো ভাওনাহে তেওঁলোকে দেখি অহা বুলি অভিযোগ কৰে । উল্লেখ্য, জ্যোতিশ্রী নগৰ, বেলতলী, ৰাজহ নগৰ,ৰংপুৰ,পুলিচ কলনী , হিড়িম্বাপুৰ আৰু দক্ষিণ গাঁওৰ এটা অংশ সামৰি এই ৱাৰ্ডটো গঠন হৈছে ।

ৱাৰ্ডটোৰ ৮০ শতাংশ লোকেই ভুগিছে খোৱাপানীৰ সমস্যাত । পানী ক্ৰয় কৰিব নোৱাৰা লোকসকলে ৰাজহুৱা নাদৰ পৰা পানী সংগ্ৰহ কৰে । কিন্তু বৰ্তমান সেই নাদতো এটুপিও পানী পাবলৈ নাই ।

ফলত জীয়াতু ভুগিছে অঞ্চলসমূহৰ ৰাইজে । পানীয়েই প্ৰাণ যদিও ৰাইজৰ সমস্যাৰ বুজে লবলৈ আহৰি নাই চৰকাৰখনৰ ।

উল্লেখ্য, বৰ্তমান গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৱাৰ্ডটোলৈ সঘন আহ-যাহ হৈছে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলৰ । তেওঁলোকে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাই অঞ্চলবাসীৰ সমস্যাৰ বুজ লৈছে ।

ৰাইজেও নিজৰ দুৰ্দশাৰ কথা তেওঁলোকৰ আগত প্ৰকাশ কৰিছে । তেওঁলোকেও সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছে । কিন্তু এই সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত বিজয়ী প্ৰাৰ্থীসকলেৰে গঠিত হ’বলগীয়া পৌৰ নিগমে আগন্তুক দিনত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষণীয় ।

Exit mobile version