জৰুৰী অৱস্থা প্রত্যাহাৰ গোতাবায়াৰ, শ্রীলংকা চৰকাৰৰ ভৱিষ্যতক লৈ জোৰ জল্পনা

SRI LANKA CRISIS 4 1649216820173 1649216833560

পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰত গুচি যোৱাৰ বাবে নিজৰ গদি বচাবলৈ শ্রীলংকাত জৰুৰী অৱস্থাৰ ঘোষণা কৰিছিল ৰাষ্ট্রপতি গোতাবায়া ৰাজাপক্ষ‌ই । চাপত পৰি মঙলবাৰে গভীৰ নিশা শেষ পর্যন্ত জৰুৰী অৱস্থা প্রত্যাহাৰ কৰে গোতাবায়াই । উল্লেখ্য, শ্রীলংকাৰ অর্থনৈতিক সংকটৰ মাজতে গোতাবায়াৰ বাসভৱনৰ সন্মুখত সাধাৰণ জনতাই প্রতিবাদ কৰিছে । এনে পৰিস্থিতিত সান্ধ্য আইন জাৰি কৰা হৈছিল কলম্বোত ।

কিন্তু সান্ধ্য আইন অমান্য কৰি লংকাবাসীসকল পথত ওলাই আহে । ইয়াৰ আগতে সামাজিক মাধ্যমৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি ১৩ ঘণ্টা পাছতেই প্ৰত্যাহাৰ কৰিবলগীয়া হয় । এনে পৰিস্থিতিত শ্রীলংকাৰ চৰকাৰৰ ভৱিষ্যতক লৈ জোৰ জল্পনা আৰম্ভ হৈছে ।

যোৱা বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰপতিৰ ঘৰৰ সন্মুখত দুটা সেনাৰ গাড়ীত জুই লগাই দিয়ে প্রতিবাদকাৰীসকলে । লগতে ‘গ’ গোতা গ’ শ্লোগানো দিয়ে । প্লেকার্ড হাতত লৈ সাধাৰণ জনগণে চৰকাৰৰ অপসাৰণৰ দাবী তুলে । শ্রীলংকাৰ বর্তমান পৰিস্থিতিৰ বাবে দেশখনৰ অধিকাংশ লোকে ৰাজাপক্ষ পৰিয়ালকে দোষাৰোপ কৰিছে ।

বর্তমান দেশখনৰ মুদ্রাস্ফীতি বাঢ়িছে ১৮.৭ শতাংশ । খাদ্য সংকট দেখা দিছে, শ্রীলংকাৰ মুদ্রাৰ অৱমূল্যায়ন জাৰি হৈছে । দিনে ১০ ঘণ্টাৰো অধিক সময় ধৰি বিদ্যুৎ নাথাকে । পেট্র’ল পাম্পত নাই ইন্ধন । এনে পৰিস্থিতিত শ্রীলংকাৰ জনসাধাৰণৰ অৱস্থা সূচনীয় । ১৯৪৮ত এই দেশ স্বাধীন হোৱাৰ পাছত এনে সময় কোনোদিন অহা নাই ।

এনে পৰিস্থিতিত যোৱা এক এপ্রিলত দ্বীপৰাষ্ট্রজুৰি জৰুৰী অৱস্থা ঘোষণা কৰে ৰাষ্ট্ৰপতি গোতাবায়াই ৷ তিনি এপ্রিলত দেশজুৰি আৰু বৃহৎ আকাৰৰ আন্দোলনৰ পৰিকল্পনা কৰা হৈছিল ৷ সেয়া ৰোধ কৰিবলৈ এই ‘পাবলিক ছিকিউৰিটি অর্ডিনেন্স’ জাৰি কৰিছিল ৰাষ্ট্ৰপতি ৰাজাপক্ষ‌ই ৷

সান্ধ্য আইন জাৰি কৰিছিল দেশজুৰি ৷ কিন্তু সান্ধ্য আইন থকা সত্ত্বেও প্রতিবাদ অব্যাহত আছে ৷ বিক্ষুব্ধ জনতাই শীর্ষ নেতাসকলৰ গৃহ ঘেৰাও কৰি আর্থিক সমস্যা সমাধানৰ দাবী জনাইছে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীক টিয়াৰ গেছ আৰু জল নিক্ষেপ কৰিবলৈ নিৰ্দেশ দিছে ৷ বহু লোকক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে ৷ শ্রীলংকাত ২৬ জন মন্ত্রীয়ে পদত্যাগ কৰে ৷

মঙলবাৰে শ্রীলংকাৰ শাসকদলৰ সদস্যসকলে সকলো দলকে লৈ এটা অন্তর্বর্তী চৰকাৰ গঠনৰ আহ্বান জনাইছে ৷ ৰাষ্ট্রপতিয়ে বিৰোধীসকলক চৰকাৰত যোগ দিয়াৰ আহ্বান জনায় । অৱশ্যে এই দাবী প্ৰত্যাখান কৰিছে বিৰোধীসকলে । এনে পৰিস্থিতিত শাসকগোষ্ঠীয়ে নিজৰ সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে সংসদে । চৰম সংকটত শাসকগোষ্ঠীৰ পৰা সমর্থন প্রত্যাহাৰ কৰিছে বহু সদস্য‌ই ।

Exit mobile version