তিনি বছৰে পুনৰ নিৰ্মাণ নহʼল বানত বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ভৱানীপুৰৰ কহৰা পথ

9500b92b 53af 4010 bba0 9bda74d9ce97

চৰকাৰীভাৱে অসমত যাতায়ত ব্যৱস্থাৰ অধিক উন্নয়ন হোৱা বুলি ভিন্ন ধৰণে প্ৰচাৰ চলালেও ভৱানীপুৰ বিধানসভা সমষ্টিত বিধ্বস্ত যাতায়ত ব্যৱস্থা তথা পথ – দলং আদিৰ বিধ্বস্ততাই দীৰ্ঘদিন ধৰি ৰাইজক জ্বলা কলা খুৱাইছে ।

উল্লেখ্য যে , ভৱানীপুৰ বিধানসভা সমষ্টিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিকাষৰীয়া বৃহত্তৰ কহৰা অঞ্চলৰ দুটাকৈ গুৰুত্বপূৰ্ণ পথৰ দীৰ্ঘদিনয়া পথৰ বিধ্বস্ততাই যাতায়তৰ ক্ষেত্ৰত ৰাইজক হাৰাশাস্তি খুৱাইছে ।

যʼত নেকি চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ জ্ঞাত যদিও বিভাগটোৰ দায়িত্বহীনতা বা গুৰুত্বহীনতাই যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ ফপোলা স্বৰূপটো উদঙাইছে ।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰ দিশে কহৰা হৈ ধুমাৰকুৰ-সৰুপেটা-সোণাফূলি পথ সংযোগী গুৰুত্বপূৰ্ণ পকী পথটো তিনি বছৰ পূৰ্বে বানপানীত দুটা স্থানত পৃথকে পৃথকে ব্যাপক পৰিমাণে বিধ্বস্ত হৈছিল।

তেনেদৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কহৰাস্থিত এখন শিক্ষানুষ্ঠান ষ্টিলা মেৰিজ ইংলিছ স্কুলৰ সম্মুখেৰে কহৰা (বড়ো চুবা) হৈ ভাৰেগাওঁলৈ অতিক্ৰম কৰা পকী পথটোত তিনি বছৰ পূৰ্বেই এটা স্থানত ব্যাপক পৰিমাণে বিধ্বস্ত হৈছিল।

দুয়োটা পথেই মুঠ তিনিটা স্থানত পৃথকে পৃথকে আজিও বিছিন্ন হৈ আছে । বিছিন্ন পথৰ ওপৰত ৰাইজে বাঁহৰ সাকো নিৰ্মাণ কৰি তিনিটা বছৰ ধৰি বিপদ সংকুল যাতায়ত অব্যাহত ৰাখিছে ।

বিগত দুটাকৈ বৰ্ষত বাৰিষা পথৰ ওপৰত নিৰ্মিত বাঁহৰ সাকোঁবোৰো বানেই উতুৱাই নিছিল। ৰাইজে পুনৰ নিজৰ শ্ৰমদান কৰি বাঁহৰ সাকোঁ নিৰ্মাণ কৰিছিল যদিও ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কহৰাৰ ষ্টিলা মেৰিজ ইংলিছ স্কুলৰ সম্মুখেৰে যোৱা পথটোত বিছিন্ন অংশত স্থাপিত বাঁহৰ সাকোঁখন পুনৰ বিধ্বস্ত হৈ গৈছে।

যাৰ ফলত পথটোৰে যাতায়ত কৰা শিক্ষাৰ্থী – শিক্ষক সকলৰ লগতে ৰাইজৰ যাতায়তত ব্যাঘাত জন্মিছে । তেনেদৰে আনটো পথতো বিধ্বস্ত-বিছিন্ন অংশত স্থাপিত বাঁহৰ সাকোঁবোৰো জৰাজীৰ্ণ হৈ পৰিছে । স্থানীয় ৰাইজে দুয়োটা পথৰ পুনৰ নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰিছে।

Exit mobile version