ধ্বংসৰ পৰা ৰক্ষা পাবলৈ বিশ্ববাসীৰ হাতত আছে তিনি বছৰৰো কম সময়

1649116126 global

এতিয়া আৰু বিলম্ব কৰাৰ উপায় নাই; কিয়নাে হাতত আছে তিনি বছৰৰাে কম সময়। ইয়াৰ ভিতৰতে কার্বন নিঃসৰণত লেকাম লগাব নােৱাৰিলে ভয়ংকৰ বিপর্যয় অৱশ্যম্ভাৱী। যি হাৰত পৃথিৱীৰ উত্তাপ বাঢ়িছে, সেউজ কমিছে, অনর্গলভাৱে ক্ষয় হৈ আছে অজ’ন স্তৰ; ইয়াৰ ফলতে পৃথিৱীখন আৰু বাসােপযােগী কৰি ৰখাটো দুৰূহ হৈ পৰিছে।

মঙলবাৰে ২৮শ পৃষ্ঠাজোৰা প্রতিবেদন (ক্লাইমেট চেইঞ্জ ২০২২ : মিটিগেছন অৱ ক্লাইমেট চেইঞ্জ)ত মানৱ সমাজৰ প্রতি উক্ত একান্ত জৰুৰী বার্তাটো দিছে ৰাষ্ট্ৰসংঘৰ জলবায়ু সংক্রান্তীয় সংস্থা ‘ইণ্টাৰগৱৰ্ণমেণ্টেল পেনেল অনক্লাইমেট চেঞ্জ’ (আইপিচিচি)ৰ তৰফৰ পৰা।

কালি আইপিচিচিয়ে দাখিল কৰা প্রতিবেদনত কোৱা হৈছে যে গােলকীয় উষ্ণতাৰ বাবে দায়ী কার্বন নিঃসৰণ কমাবলৈ মানুহৰ হাতত তিনি বছৰৰাে কম সময় আছে। অর্থাৎ ২০২৫ৰ পূর্বেই এই বিষয়ত কার্যকৰী পদক্ষেপ গ্রহণ কৰিব লাগিব। ইয়াৰ লগতে কোৱা হৈছে যে গ্রীণ হাউছ গেছ নিঃসৰণৰ পৰিমাণ ২০৩০ৰ ভিতৰত ৪৩ শতাংশ হ্রাস কৰিব লাগিব।

সেই সময়ৰ ভিতৰতে মিথেনৰ পৰিমাণাে এক-তৃতীয়াংশ কমাব লাগিব। অন্যথা বিপজ্জনকভাৱে বৃদ্ধি পাব তাপমাত্রা। ফলত বহু দেশেই জল-যন্ত্রণাত ভুগিব লাগিব। বিশ্বব্যাপী বাঢ়িব জলস্তৰ। ফলত ব্যাপক পৰিসৰৰ ভূমি পানীত ডুব যাব। দেখা দিব প্ৰৱল খাদ্য-সংকটে।

ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এন্ট’নিঅ’ গুটেৰেজে উক্ত প্রতিবেদনৰ সন্দৰ্ভত এক ভিডিঅ’ বার্তাত কয়, ‘একাংশ চৰকাৰী বিষয়া আৰু উদ্যোগপতিয়ে এক ধৰণৰ কথা কয় আৰু আন ধৰণৰ আচৰণ কৰে। ইয়াৰ ফলতে পৃথিৱী বিপৰ্যয়ৰ দিশে অগ্রসৰ হৈছে।’

উল্লেখ্য যে ১৯৫খন দেশে আইপিচিচিৰ প্রতিবেদন অনুমােদন জনাইছে। ইয়াক গােলকীয় উষ্ণতাক কেন্দ্ৰ কৰি সবাতােকৈ বিশদ প্রতিবেদন বুলি গণ্য কৰিছে বিজ্ঞানীসকলে। তেওঁলােকে বাৰে বাৰে সতর্ক কৰি আহিলেও অভিযােগ উঠিছে যে আমেৰিকাসহ একাধিক দেশে যিদৰে কার্বন নিঃসৰণ কমােৱাৰ দায়িত্ব চীন-ভাৰতৰ দৰে দেশসমূহলৈ ঠেলি দিয়াত ব্যস্ত, সেইদৰে এইবােৰ দেশেও উন্নয়নৰ প্রসংগ উত্থাপন কৰি সেয়া কমােৱাৰ দায়িত্ব উন্নত বিশ্বৰ দিশে ঠেলি আছে।

সকলাে মিলাই পেৰিছৰ পৰা গ্লাছগ’ জলবায়ু আলােচনা বা চুক্তি পর্যন্ত সকলােবােৰ কেৱল কাগজে-কলমেই থাকিল। প্রতিবেদনত কোৱা হৈছে যে বিশ্বৰ গড় তাপমাত্রা বৃদ্ধি ১.৫ ডিগ্রী চেলছিয়াচলৈ সীমাবদ্ধ কৰাৰ যি আন্তর্জাতিক লক্ষ্য আছে, সেয়া কার্যতঃ “লাইফ ছাপ’র্ট’ত আছে।

পেৰিছ জলবায়ু চুক্তিত সেই তাপমাত্রা ১.৫ ডিগ্রীতে বান্ধি ৰখাৰ যি লক্ষ্যস্থিৰ কৰা হৈছিল, তাৰ দ্বিগুণৰাে বেছি অর্থাৎ তিনি ডিগ্ৰীৰাে অধিক তাপমাত্রা বাঢ়িব পাৰে পৃথিৱীৰ। এই তাপমাত্রা কমাই অনাৰ যি সময়সীমা দিয়া হৈছে, সেয়া যথেষ্ট কম বুলিয়ে সকলােৱে গণ্য কৰিছে।

আইপিচিচিৰ প্রতিবেদনত কোৱা হৈছে যে ২০১০-২০১৯ৰ ভিতৰত বিশ্বব্যাপী গড় গ্রীণহাউছ গেছ নিঃসৰণৰ পৰিমাণ মানৱ সভ্যতাৰ ইতিহাসত সর্বোচ্চ পৰ্মািণৰ আছিল। গােলকীয় উষ্ণতাক নিয়ন্ত্রণলৈ আনিবলৈ শক্তি ক্ষেত্ৰত কিছু পৰিৱৰ্তন অনা প্রয়ােজন বুলি জনােৱা হৈছে উক্ত প্রতিবেদনত।

এই ক্ষেত্ৰত সর্বপ্রথমে জোৰ দিয়া হৈছে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্রাস কৰাত। ইয়াৰ লগতে বিকল্প ইন্ধন (হাইড্র’জেন)ৰ ব্যৱস্থাৰাে যে প্রয়ােজন, সেয়াও প্রতিবেদনত জনােৱা হৈছে। আইপিচিচিৰ শীর্ষ বিষয়া হুছাং লীয়ে জনাইছে যে যথেষ্টসংখ্যক দেশে পৰিৱেশগত ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ গ্রহণ কৰিছে।

এই ব্যৱস্থা যদি আৰু ব্যাপকভাৱে প্রয়ােগ কৰা হয়, তেতিয়া নতুন উদ্ভাৱনৰ সমান্তৰালকৈ কার্বন নিঃসৰণাে কমাই আনিব পৰা যাব। প্রতিবেদনৰ অন্যতম লেখিকা জয়শ্রী ৰায়ে কয়, ‘এতিয়াও সময় আছে। তাপমাত্রা বৃদ্ধি ৰােধ কৰাটো সম্ভৱ। কমেও ১৮খন দেশে দেখুৱাই দিছে যে গ্রীণ হাউছ গেছৰ নিঃসৰণ হ্রাস কৰাটো সম্ভৱ।

কার্বন-মুক্ত বা কার্বন-পৰিমাণ কম, এনে প্রযুক্তিৰ মাধ্যমেৰে জীৱাশ্ম ইন্ধনৰ দহন হ্রাস কৰাটো সম্ভৱ হৈছে। পৰিবহণ ক্ষেত্ৰতাে পৰিৱেশবান্ধৱ প্ৰযুক্তিৰ মাধ্যমেৰে প্ৰদূষণ কমােৱা সম্ভৱ হৈ উঠিছে। বিগত এটা দশকত বেটাৰীৰ দাম ৮৫ শতাংশ পর্যন্ত হ্রাস পােৱাও ইয়াৰ এটা ডাঙৰ কাৰণ।

ডিজিলেটাইছনৰ ফলতাে পুনৰ নবীকৰণযােগ্য শক্তিৰ পৰিমাণ বাঢ়িছে। বিজ্ঞানীসকলে আশংকা কৰিছে যে বিগত কিছু দশকত মেৰু অঞ্চলত যি হাৰত বৰফ গলিছে আৰু পৃথিৱীৰ নানা প্রান্তত জলবায়ুৰ পৰিৱৰ্তন ঘটিছে, সেয়া এই বিপর্যয়ৰে ইংগিত। ঘনাই সতর্ক কৰা সত্ত্বেও অধিকাংশ দেশেই কার্যতঃ ইয়াক অগ্রাহ্য কৰি আহিছে।

Exit mobile version