ভাওৰাগুৰীত বিজেপিৰ কচুগাঁও মণ্ডলৰ উদ্যোগত দলৰ ৪২ তম প্ৰতিষ্ঠা দিৱস উদযাপন

WhatsApp Image 2022 04 06 at 6.51.07 PM

আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ভাওঁৰাগুৰীতস্থিত ভাওঁৰাগুৰী ভিচিডিচি প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টীৰ কচুগাঁও মণ্ডলৰ উদ্যোগত দলৰ ৪২ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ।

কাৰ্যসূচী মতে ৰাতিপুৱা পতাকা উত্তোলন কৰে মণ্ডল সভাপতি সিদ্ধৰ্থ নাৰ্জাৰীয়ে, বন্দেমাতাৰ পূজা বন্তি প্ৰজ্বলন কৰি ভাৰ্চুৱেলযোগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণত অংশগ্ৰহণ কৰাৰ অন্তত দলীয় কৰ্মকৰ্তাৰ স’তে মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে ।

উক্ত কাৰ্যসূচীত মণ্ডল সম্পাদক দিৱস সৰকাৰ, মহিলা মৰ্চাৰ সভানেত্ৰী ৰিংকী সাহা, কিষান মৰ্চাৰ সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়, ভাওৰাগুৰী ভিচিডিচিৰ অধক্ষ্য পাৰ্থপাল প্ৰমুখ্যে আন আন বিষয়া কৰ্মকৰ্তা উপস্থিত থাকে ।

আনহাতে, গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন দলগাঁৱতো বিজেপিৰ গুমা মণ্ডলৰ উদ্যোগত প্ৰতিষ্ঠা দিৱস পালন কৰে ।

Exit mobile version