ৰাইজক মাধমাৰ শোধাইছে মূল্যবৃদ্ধিয়ে । তাৰেই পৰিপ্ৰেক্ষিতত আজি গোলকগঞ্জত ধুবুৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত মটেৰঝাৰ আঞ্চলিক ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আগমনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত খাদ্য সমগ্ৰী, ঔষধ, ইন্ধনজাত সামগ্ৰী, নিৰ্মাণ সামগ্ৰীৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্য হ্ৰাস কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী হাতত লয় ।
ADVERTISEMENT
এই কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে আকাশলংঘী মূল্যবৃদ্ধি হ্ৰাস নকৰিলে আগন্তুক দিনত আছুৱে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও সকিয়াই দিয়ে ।
উক্ত অনুষ্ঠানত উপস্থিত থাকে মটেৰঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ছাজিদুৰ ৰহমান, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিবাকৰ ৰায়ৰ লগতে আছুৰ অইন অইন কৰ্মকৰ্তাসকল ।