শালবাৰীৰ গাতিত মূল্যবৃদ্ধিক লৈ ছাত্র সন্থাৰ প্ৰতিবাদ

WhatsApp Image 2022 04 06 at 6.50.29 PM

বাগসা জিলাৰ শালবাৰীৰ চমুৱাগাতিত আজি গাতি আঞ্চলিক ছাত্র সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ইন্ধনসহ নিত্য ব্যৱহাৰ্য্য সামগ্রীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু অতি শীঘ্রে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।

বিক্ষোভ কাৰ্যসূচীত গাতি আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা কৰ্মীসকলে হাতে হাতে বেনাৰ, প্লে কাৰ্ড লৈ মিঠাতেল, গেছ চিলিণ্ডাৰ আদি লগত লৈ পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক, নিত্য ব্যৱহাৰ্য্য সামগ্রীৰ মূল্য বৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, যোগান মন্ত্রী ৰঞ্জিত কুমাৰ দাস হায় হায়, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ আদি ধ্বনিৰে পৰিৱশ উত্তাল কৰি তোলে ।

উল্লেখ্য যে, শীঘ্ৰে পেট্র’ল, ডিজেলকে ধৰি নিত্য ব্যৱহার্য্য সামগ্রীৰ মূল্য বৃদ্ধি ৰোধ নকৰিলে আগন্তুক সময়ত সংগঠনটোৱে ভয়াৱহ গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

Exit mobile version