২২ টা ইউটিউব চেনেল,এটা নিউজ ৱেবচাইট ভাৰতত হ’ল নিষিদ্ধ

YouTube Logo 1

কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ে মঙলবাৰে কে’বাটাও ইউটিউব চেনেলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিলে। মন্ত্রণালয়ে ২২ টা ইউটিউব চেনেল ভাৰতত নিষিদ্ধ ঘােষণা কৰে।

নিষিদ্ধ ঘােষিত হােৱা ইউটিউব চেনেলৰ মাজত পাকিস্তানৰ চাৰিটা ইউটিউব চেনেলাে আছে। মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি এই সময় চেনেলৰ জৰিয়তে ভাৰতৰ সন্দৰ্ভত ভুল আৰ অসত্য তথ্যপাতি ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছিল।

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, বিদেশৰে সম্পর্ক আৰু লােক আদেশ বিষয়ত ইউটিউব চেনেলৰ জৰিয়তে পাকিস্তানে অপপ্রচাৰ চলাইছিল।

২২ টা ইউটিউব চেনেলৰ লগতে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ে চাৰিটা টুইটাৰ একাউণ্ট, এটা ফেচবুক একাউন্ট আৰু এটা নিউজ ৱেবছাইটো ভাৰতত নিষিদ্ধ কৰিলে।

Exit mobile version