ভৱিষ্যতৰ সুৰক্ষাৰ আশাৰে শিশুৰ পিঠিত নাম-ঠিকনা লিখিছে মাতৃয়ে

ukraine kids address kb inline4 220405 b9a3ad

সৰু পিঠিত স্থান কম। তথাপি সেই পিঠিতেই কোনােমতে তল-ওপৰ কৰি উল্লেখ কৰা আছে বহু জৰুৰী তথ্য। নাম,ফোন নম্বৰ, পাৰিবাৰিক পৰিচিতি আদি। শিশুটিৰ বয়স বৰ বেছি দুই বা তিনি বছৰ। সেই কণমানিৰ এখন ফটোৱেই সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

কিয়নাে সেই ফটোখনেই প্রকট কৰি তুলিছে ইউক্রেইনৰ সাম্প্রতিক ভয়াৱহ তথা হৃদয়বিদাৰক ছবিখন। বিগত দিনসমূহত ইউক্রেইনত ৰুছ সেনাৰ নৃশংসতাৰ ঘটনাও পােহৰলৈ আহিছে।’ক’ৰবাত যদি নিজক বচাবলৈ স্কুল বাছক টেংকৰ সন্মুখত ঢাল বনাইছে, ক’ৰবাত আকৌ ১০ বছৰীয়া কন্যা শিশুক বিদীর্ণ কৰিছে বেয়নেটেৰে।

বুচা চহৰত দেখা গৈছে। সাধাৰণ মানুহৰ হাত-ধৰি বন্ধা শাৰী শাৰী মৃতদেহ। শিশুও ৰুছ সেনাৰ নাৰকীয় হত্যাকাণ্ডৰ পৰা সাৰি যােৱা নাই। তেনে অৱস্থাত ইউক্রেইনত এতিয়াও থকা বাসিন্দাসকলে নিজৰ প্রাণ যাব বুলিয়ে প্রায় নিশ্চিত হৈছে। তেনে পৰিস্থিতিতে হয়তাে ফটো ভাইৰেল হােৱা শিশুটিৰ পিতৃ-মাতৃয়েও আশা কৰিছে যে ৰুছ সেনাৰ হাতত তেওঁলােকৰ মৃত্যু হলেও সন্তানৰ প্ৰাণৰক্ষা কৰিলে অন্ততঃ শিশুটিক কোনােবাই লক্ষ্য কৰিব।

হয়তাে শিশুটিক লালন-পালনৰ দায়িত্ব লব নতুবা নিৰাপদ আশ্ৰয়ত থ’বগৈ। উল্লেখ্য যে যুদ্ধৰ পৰিস্থিতিত পৰৱর্তী দিনটোৰ পুৱা দেখা পােৱাটোৱেই এতিয়া ইউক্রেইনৰ সাধাৰণ মানুহৰ বাবে ডাঙৰ কথা হৈ পৰিছে। এনে অৱস্থাত সন্তানক ৰক্ষা কৰিব বিচৰা ইউক্রেইনৰ এগৰাকী মাতৃৰ সেই সিদ্ধান্তই স্তম্ভিত কৰি তুলিছে বিশ্বৰ অন্যান্য অভিভাৱকক।

সন্তানৰ পিঠিত নাম-ঠিকনা আদি জৰুৰী তথ্য লিখি সেই ফটো সামাজিক মাধ্যমত প’ষ্ট কৰি তেওঁ লিখিছে,ইউক্রেইনত এতিয়া বহু পিতৃ-মাতৃয়েই এনে কাম কৰিছে। কাইলৈ আমাৰ কি হ’ব, সেয়াতে আমি নাজানাে। সেয়ে এই ব্যৱস্থা।’ ইউক্রেইনৰ সেই শিশুটিৰ নাম ভিৰা মাকো। বিশ্বজুৰি সাংবাদিকসকলে ভিৰাৰ ফটোখন শ্বেয়াৰ কৰি লিখিছে, ইউক্রেইনৰ মাতৃসূকলে এতিয়া সন্তানৰ শৰীৰত পৰিচয় লিখি ৰাখিবলগীয়া হৈছে। আনহাতে, ইউৰােপে এতিয়াও গেছৰ মূল্যক লৈ আলােচনা কৰি আছে।

Exit mobile version