Covid New Symptoms: সাৱধান হওক ! এই লক্ষণসমূহ ক’ভিডৰ নতুন উপসর্গ তালিকাত আছে

iStock 1208525641

অ’মিক্রনৰ উপসর্গসমূহ ডেল্টাতকৈ কিমান বেলেগ সেই বিষয়ে তৰ্ক বিতৰ্ক চলি থকাৰ মাজতে লাহে লাহে প্ৰৱেশ কৰিছে, অ’মিক্ৰনৰ, চাৰিটা প্ৰজাতি বি এ টু ।

এই নতুন প্ৰকাৰটোৰ ইতিমধ্যে সমগ্ৰ ব্ৰিটেইনত আৰম্ভ হৈছে। তাৰপাছতে ব্ৰিটেইনৰ স্বাস্থ্য সেৱা বিভাগে ক’ভিড উপসৰ্গসমূহৰ এখন নতুন তালিকা প্ৰস্তুত কৰিছে।

ইয়াৰ আগতে, ক’ভিডৰ উপসৰ্গক লৈ ব্ৰিটেইনৰ স্বাস্থ্য সেৱাই ক’ভিডৰ যিসমূহ লক্ষণৰ তথ্য দিছিল সেইয়া বহু বিশেষজ্ঞৰ সমালোচনাৰ সন্মুখীন হৈছিল। বহুলোকে কয় যে সেই সকলো উপসর্গ খুবেই কম ।

কিয়নো সেই তালিকাত কেৱল কাহ, সোৱাদ হেৰুওৱা, গোন্ধ আৰু জ্বৰৰ লক্ষণবোৰ উল্লেখ কৰা হৈছে। ইফালে, ইউৰোপত ক্ৰমান্বয়ে প্ৰবল সংক্ৰামক অ’মিক্ৰন বিএ ২ৰ গতি বৃদ্ধি হোৱাত আৰম্ভ হৈছে উদ্বেগ ।

এই ক্ষেত্ৰত, ক’ভিড উপসর্গ তালিকা বৃদ্ধি কৰিছে ব্ৰিটেইনৰ স্বাস্থ্য বিভাগে । নতুন তালিকাত কোনবোৰ নতুন লক্ষণ যোগ দিয়া হৈছে চাওঁ আহক।

– নিৰন্তৰ কাহ হ’ব। কাহ বন্ধ নহ’ব।

– জ্বৰৰ তাপমাত্ৰা অধিক হোৱাৰ সম্ভাৱনা আছে।লগতে কঁপনি জ্বৰ অহাৰ প্ৰৱণতা আছে।

– সোৱাদ আৰু গোন্ধৰ ক্ষেত্ৰত অনুভূতিৰ পৰিৱৰ্তন হ’ব।

– উশাহ চুটি হ’ব।

– ভাগৰুৱা লাগিব। লগতে থাকিব দুৰ্বলতা ।

– গোটেই শৰীৰৰ হাত আৰু ভৰিত বিষ হ’ব।

– মুৰৰ বিষৰ সমস্যা হ’ব।

– চৰ্দি লাগিব।

– নাক বন্ধ হ’ব পাৰে।

– ভোক নাইকিয়া হ’ব।

– ডায়েৰিয়া হ’ব।

– পেটৰ অসুস্থতাৰ অনুভৱ হ’ব।

ইফালে, এই লক্ষণবোৰ লৈ, এন.এইচ.এছ.এ.-ৰ ৱেবছাইটত কোৱা হৈছে যে আন যিকোনো জ্বৰৰ চৰ্দি বা ফ্লুৰো এই লক্ষণবোৰ থাকে।

উল্লেখ্য , ব্ৰিটেইনে ফেব্ৰুৱাৰী মাহৰ পৰা ক’ভিড নিয়মৰ সকলো আইনী ব্যৱস্থা উঠাই লোৱা হৈছে। তেতিয়াৰ পৰাই, দেশত ক’ভিডৰ আতংক সৃষ্টি হৈছে ।

তথ্য অনুসৰি ইংলেণ্ডৰ প্ৰতি ১৩ জনলোকৰ ভিতৰত এজন লোক ক’ভিডৰ সংক্ৰমিত । বহুতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Exit mobile version