RRR : আৰআৰআৰ টিমক ১৮ লাখ টকাৰ সোণৰ মুদ্ৰা উপহাৰ ৰামচৰণৰ ! লগত আৰু কি আছে

1649177874 rrr

বক্স অফিচত তোলপাৰ লগাইছে এছএছ ৰাজামৌলীৰ ‘আৰআৰআৰ’ । ৪৫০ কোটি টকাৰ বাজেটৰ ছবিখনে দ্বিতীয় সপ্তাহত দুগুণ পৰিমাণ বৃদ্ধি কৰিছে।

দক্ষিণৰ অভিনেতা আল্লুৰী সীতাৰাম ৰাজু ওৰফে ৰামচৰণেও সেই আনন্দত ‘আৰআৰআৰ’ সদস্যসকলক সোণৰ মুদ্ৰা উপহাৰ দিয়ে । প্ৰতিটো মুদ্ৰাৰ ওজন ১০ গ্ৰাম!

দলটোৰ ৩৫ জন সদস্যক মুঠ ১৮ লাখ টকাৰ সোণৰ মুদ্ৰা উপহাৰ দি আনন্দ উদযাপন কৰে অভিনেতাজন । কেৱল সেয়াই নহয়, হায়দৰাবাদৰ ঘৰত তেওঁৰ স’তে সকলোকে পুৱাৰ আহাৰ খাবলৈ আমন্ত্ৰণ জনাইছিল।

দলটোৰ কোনেও আশা কৰা নাছিল যে তেলেগু এই ছবিখনে ইমান ডাঙৰ সফলতা পাব । ৰামচৰণে জনাই যে দৰ্শকৰ প্ৰতিক্ৰিয়া তেওঁৰ বাবেও এটা ডাঙৰ আচৰিত কথা আছিল।

সেয়ে মিঠাই বাকচ আৰু সোণৰ মুদ্ৰা দি ভৰাই তুলিলে আনন্দৰ মুহূৰ্তত । তেওঁ সদস্যসকলক উপহাৰ দিয়া সোণৰ মুদ্ৰাবোৰৰ এটাত ‘আৰআৰআৰ’ লোগো আৰু আনটোত ৰামচৰণৰ নাম আছে।

সৰ্বোপৰি, ‘আৰআৰআৰ’ৰ ৰাজহ দেশৰ শীৰ্ষ বাণিজ্য বিশেষজ্ঞসকলকো হতবাক কৰি তুলিছে।

Exit mobile version