Sri Lanka Crisis : চীনক সর্বস্ব বিক্ৰী কৰি ‘দৰিদ্ৰ’ শ্রীলংকা

1649218396 sri lanka

চীনৰ হাতত বিক্ৰী হৈয়েই সর্বনাশ হৈছে শ্রীলংকাৰ ! ভাৰতৰ দক্ষিণৰ প্রতিবেশী দ্বীপৰাষ্ট্রৰ আর্থিক সংকট প্রসংগত এইবাৰ জাঙুৰ খাই উঠিল সেই দেশৰ খাদ্য ব্যৱসায়ীসকল । শ্রীলংকাৰ ৰাজাপক্ষ চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ অভিযোগ, এই চৰকাৰে কেৱল চীনৰ হাতত যথাসর্বস্ব বিক্রী কৰা নাই, অন্যান্য দেশৰ পৰাও সকলো ঋণত কিনিছে । ফলত শ্রীলংকা এতিয়া ঋণত জর্জৰিত । মানুহৰ হাতত টকা নাই । ইপিনে, বজাৰত অগ্নিমূল্য । ব্যৱসায়ীসকলৰ অভিযোগ, এনেদৰে চলিলে আৰু কিছু দিন পাছত খাবলৈ নোপোৱাকৈয়ে মৰিব লাগিব দেশৰ মানুহে ।

শ্রীলংকাত ইন্ধন আৰু বিদ্যুতৰ সংকটসহ ৰাজনৈতিক সংকটো বাঢ়িছে । সোমবাৰে দেশৰ মন্ত্রীসভাৰ সমস্ত মন্ত্রীয়ে পদত্যাগ দিছে । প্রধানমন্ত্রী মাহিন্দা ৰাজাপক্ষৰ অপসাৰণৰ দাবী উত্থাপিত হৈছে । নতুন চৰকাৰ তৈয়াৰ কৰাৰ ভিতো অধিক দুর্বল । তাৰ মাজতেই দাম বাঢ়িব লৈছে শাক-পাচলি, ফলৰ । যোগানৰ অভাৱো আছে । কলম্বোত আপেল বিক্রী হৈছে হেজাৰ টকা প্রতি কেজিত । নাছপতিৰ দাম সাতশ টকাৰ পৰা বৃদ্ধি হৈ হৈছে কেজি প্ৰতি ১৫০০ টকা ।

বিক্রেতাসকলৰ অভিযোগ, সম্প্ৰতি শ্রীলংকাৰ আটাইতকৈ ডাঙৰ সমস্যা হ’ল তেওঁলোকৰ হাতত কোনো টকা নাই । চীনক সর্বস্ব বিক্রী কৰি এই চৰকাৰ এতিয়া দৰিদ্ৰ। অন্য দেশৰ পৰাও ঋণত কিনবলগীয়া হৈছে সকলো । ব্যৱসায়তো চলাই নাই, মানুহৰ হাতৰ টকাও শেষ হ’ব লৈছে ক্রমশ ।

ভয়ংকৰ অর্থনৈতিক সংকটত ভুগিছে শ্রীলংকা । দেশত ইন্ধনৰ হাহাকাৰ আৰম্ভ হৈছে । পৰিবহণ প্রায় স্তব্ধ । বিদ্যুৎ বচাবলৈ প্রতি দিনে ১০ৰ পৰা ১৩ ঘণ্টাকৈ লোডশ্বেডিং কৰা হৈছে দেশত । তাৰ প্রতিবাদতেই বিক্ষোভমুখী হৈ পৰে শ্রীলংকাবাসী । পথত নামি আৰম্ভ কৰে নাগাড়া বিক্ষোভ আন্দোলন ।

এনে পৰিস্থিতিতে এক এপ্রিলত শ্রীলংকাত জৰুৰী অৱস্থা জাৰি কৰিছিল শ্রীলংকাৰ ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষই । মঙলবাৰে নিশা অৱশ্যে এই জৰুৰী অৱস্থা প্রত্যাহাৰৰ ঘোষণা কৰা হৈছে ।

Exit mobile version