কামৰূপৰ তিনি শতাধিক বিদ্যালয়ৰ ছাত্ৰীক প্ৰশিক্ষণ দিবলৈ ৭৬ গৰাকী মাষ্টাৰ প্ৰশিক্ষক নিয়োগ

Inaugral match of Bhrahmaputra Volleyball League 1642284019160 1642284040034

ৰাজ্যখনত মহিলাসকলৰ মাজত ভলীবলক জনপ্ৰিয় কৰি তুলিবলৈ ৰাজ্যৰ ক্ৰীড়া বিভাগৰ উদ্যোগত ৰাজ্যপাল মহিলা ভলীবল নামৰ এখনি আঁচনি মুকলি কৰা হৈছে ৷

কামৰূপ জিলাতো এই সন্দৰ্ভত বিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত এক প্ৰশিক্ষণ শিবিৰ মুকলি কৰাৰ চিন্তা কৰিছে কামৰূপৰ জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকাই ৷

আজি প্ৰশিক্ষণ সন্দৰ্ভত কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় ৷ জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকাই পৰিচালনা কৰা উক্ত সভাত কামৰূপৰ শাৰীৰিক শিক্ষা নিৰ্দেশক আৰু ভলীবল প্ৰশিক্ষণৰ বাবে নিয়োগ কৰা মাষ্টাৰ প্ৰশিক্ষকসকল উপস্থিত থাকে ৷

কামৰূপ জিলাৰ ন টা শিক্ষাখণ্ডৰ তিনি শতাধিক ছাত্ৰীক ৭৬ টা প্ৰশিক্ষণ কেন্দ্ৰত ভলীবলৰ প্ৰশিক্ষণ দিয়া সন্দৰ্ভত সভাত বিস্তৃত আলোচনা হয় ৷ সভাত মাষ্টাৰ প্ৰশিক্ষকসকলে প্ৰশিক্ষণ সন্দৰ্ভত বিভিন্ন দিশৰ পৰ্যালোচনা কৰে৷

ভলীবল প্ৰশিক্ষক গণেশ শৰ্মাই প্ৰশিক্ষণ সন্দৰ্ভত সকলো দিশ সামৰি বক্তব্য আগবঢ়ায় ৷ সভাত শিক্ষা বিভাগৰ জিলা প্ৰগ্ৰেম বিষয়া সৌৰভ ঠাকুৰীয়াই ভলীবল প্ৰশিক্ষণ শিবিৰত কামৰূপৰ শিক্ষা বিভাগৰ পৰা সকলো সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

প্ৰশিক্ষণ সন্দৰ্ভত কামৰূপৰ ক্ৰীড়া বিভাগৰ আই পি চন্দ্ৰ তালুকদাৰে কেবাটিও পৰামৰ্শ আগবঢ়ায় ৷ সভাত শলাগৰ আগবঢ়ায় শাৰীৰিক শিক্ষা নিৰ্দেশক পংকজ ভৰালীয়ে।

Exit mobile version