কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত

সমগ্ৰ ৰাজ্যৰ লগতে ফকিৰাগ্ৰামতো ৰঙালীক আদৰাৰ ব্যপক প্ৰস্তুতি আৰম্ভ হৈছে । ফকিৰাগ্ৰাম কলা-সংস্কতি বিকাশ কেন্দ্রৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত পাঁচ দিনীয়াকৈ বিহু নাচৰ লগতে ঢোল বাদন কৰ্মশালাৰ শুভাৰম্ভ হয় ।

উক্ত কৰ্মশালা ১০ এপ্ৰিল লৈ চলিব । কৰ্মশাল আৰম্ভ কৰে ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰবীৰ কুমাৰ সৰকাৰে । প্ৰশিক্ষক হিচাপে উপস্থিত থাকে জয়ন্ত ভাৰ্গৱ গগৈ (শিৱসাগৰ), গকুল গগৈ(শিৱসাগৰ), মুকুট ডেকা(দৰং), অজয় বিকাশ মহন(যোৰহাট), ৰাজীৱ শইকীয়া(যোৰহাট), উৎপল শৰ্মা ।

আজিৰ অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শিক্ষক কৃষ্ণ চন্দ্র নাথ, ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকদ্বয় ড° আদিত চন্দ্র ডেকা, ড° মনোৰঞ্জন ৰায়, ফকিৰাগ্ৰাম কলা-সংস্কতি বিকাশ কেন্দ্ৰৰ সভাপতি পীয়ুষ চৌধুৰী, সম্পাদক প্ৰনৱ শৰ্মা, ফকিৰাগ্ৰাম ৰঙালী বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱ কুমাৰ মেধী, সাধাৰণ সম্পাদক ড° ৰেজাউল কৰিম সহ অন্যান্য কৰ্মকৰ্তাসকল ।

কৰ্মশালাত ডেৰ শতাধিক নাচনীয়ে অংশগ্রহণ কৰি বিহু নাচৰ প্ৰশিক্ষণ লয় ।

Exit mobile version