ছেৰফানগুৰীৰ জিঅন ধাবাৰ মালিকৰ গুণ্ডাগিৰি

ধাবাত গাড়ী নৰখালে ড্ৰাইভাৰ, হেণ্ডিমেনক আক্ৰমণ কৰাৰ অভিযোগ

IMG 20220407 WA0020

কোকৰাঝাৰ জিলাৰ ছেৰফানগুৰীস্থিত জিঅন ধাবাৰ ওপৰত এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

অভিযোগ মতে, শিলিগুৰীৰ পৰা শ্বিলংলৈ যোৱা ‘শিমা’ নামৰ নাইট ছুপাৰখন আগত ছেৰফাংগুৰীস্থিত জিঅন ধাবাত ৰখাই ভাত খাইছিল । কিন্তু কেইদিনমানৰ পৰা বেলেগ এটা ধাবাত গাড়ী ৰখোৱাৰ বাবে জিঅন ধাবাৰ মালিক উত্তম নাৰ্জাৰী আৰু তেওঁৰ গুণ্ডাবাহিনীয়ে ফোনযোগে গাড়ীৰ ড্ৰাইভাৰক বিভিন্ন ধমকি ভাবুকি দিয়াৰ লগতে এম ভি আইৰ যোগে এটা মাহত চাৰি-পাঁ‌চবাৰ জৰিমনা লগোৱায় ।

লগতে কেইদিনমান আগত জিঅন ধাবাত গাড়ী নৰখোৱাৰ বাবে ‘শিমা’ গাড়ীখনৰ চালক আৰু হেণ্ডিমেনক নিশা দুই বজালৈকে হাত-ভৰি বান্ধি ৰখোৱাৰ পাছত এৰি দিয়ে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ড্ৰাইভাৰজনে ।

ইয়াৰ উপৰি জিঅন ধাবাৰ মালিক উত্তমৰ গুণ্ডাবাহিনীয়ে ফোনযোগে শিমা গাড়ীৰ ড্ৰাইভাৰজনক ‘তহঁতে পশ্চিমবংগত গাড়ী ৰখাই ভাত খাবি নহ’লে বঙাইগাঁও/হাউলীত খাবি । কোকৰাঝাৰ জিলাত গাড়ী নৰখাবি । কোকৰাঝাৰ জিলাত গাড়ী ৰখালে দিগদাৰ হ’ব’ বুলি ভাবুকি দিয়ে ।

এনেধৰণৰ বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাত উপায়ন্তৰ হৈ অৱশেষত সাংবাদিকৰ আগত সকলো কথা সদৰী কৰাৰ লগতে নিজৰ জীৱনৰ নিৰাপত্তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষকক অনুৰোধ জনায় ভুক্তভোগী চালক হেণ্ডিমেনে ।

Exit mobile version