বহিঃৰাজ্যৰ পৰা আহিছে নকল গামোচা

কম মূল্যত 'মাদ্ৰাজী গামোচা'ই বজাৰ দখলৰ আশংকা, গ্ৰাহকে ঠগ খোৱাটো নিশ্চিত

Screenshot 338

প্ৰকৃতিৰ বিনন্দীয়া ৰূপ লৈ পুনৰ আহিল অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু । বসন্তক আদৰিবলৈ মাজত মাথোঁ কেইবাটামান দিন বাকী থকাৰ সময়তে ঢোল-পেঁপাৰ মাতত ৰজনজনাই উঠিছে ৰাজ্য । হেঁপাহৰ বিহুটিক কেন্দ্ৰ কৰি উখল-মাখল হৈছে ৰাজ্যৰ বজাৰসমূহ । গ্ৰামাঞ্চলৰ সমান্তৰালকৈ নগৰ অঞ্চলসমূহতো ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে । ৰাজধানী মহানগৰীতো ৰঙালী বিহুৰ আগমনক লৈ উথপথপ পৰিৱেশৰ সূচনা হৈছে ।

যোৱা দুটা বছৰ ক’ভিডে বিহুৰ মাদকতা যথেষ্ট পৰিমাণে ম্লান কৰাৰ পাছত পুনৰ বিগত বৰ্ষসমূহৰ দৰেই নলবাৰী, শুৱালকুছি, ৰামদিয়া, হাজো, বাইহাটা চাৰিআলি আদিৰ পৰা অহা হেজাৰ হেজাৰ থলুৱা গামোচা-জাপি-কাপোৰে ভৰি পৰিছে মহানগৰীৰ বজাৰ ।

উল্লেখ্য যে ৰঙালীক কেন্দ্ৰ কৰি থলুৱা গামোচা-জাপি-কাপোৰেৰে মহানগৰীৰ বজাৰ ভৰি পৰিলেও বহিঃৰাজ্যৰ গামোচাই প্ৰত্যাহ্বান কঢ়িয়াই আনিছে শিপিনীসকললৈ । থলুৱা শিপিনীয়ে প্ৰস্তুত কৰি উলিওৱা ১০০-১৫০ টকীয়া একোখন গামোচাৰ বিপৰীতে ৫০-৬০ টকা দৰত বহিঃৰাজ্যৰ গামোচা বজাৰত উপলব্ধ হৈছে । থলুৱা শিপিনীয়ে বৈ উলিওৱা ১২শ-১৫শ টকীয়া মুগা-পাটৰ গামোচাৰ নকল ৰূপ দি বহিঃৰাজ্যৰ পৰা আহিছে আৰু এই গামোচাসমূহ দুশ-তিনিশ টকাতে উপলব্ধ হৈছে বুলি অভিযোগ উত্থাপন কৰিছে থলুৱা ব্যৱসায়ীসকলে ।

বিগত বৰ্ষসমূহৰ দৰে চানমাৰি তিনিআলিৰ পদপথত তিনি হেজাৰ গামোচা লৈ বিহুৰ বিশেষ বিপনী খোলা নলবাৰীৰ ৰাজুমণি তাঁত উদ্যোগৰ স্বত্বাধিকাৰী প্ৰদীপ দাসে অভিযোগ কৰে যে এইবাৰ গ্ৰাহক যদি সচেতন নহয় ঠগ খোৱাটো খাটাং । তেওঁ কয়, ‘কম দামী গামোচা বাদ দিয়ক দামী দামী গামোচাসমূহো নকল ৰূপত বহিঃৰাজ্যৰ পৰা আহিছে আৰু উভৈনদী হৈ পৰিছে । দেখিলেই চকু চাট মাৰি ধৰিব ডাঙৰ ডাঙৰ ফুলৰ ।’

উল্লেখ্য যে যোৱা প্ৰায় ৩০ বছৰ ধৰি সংশ্লিষ্ট স্থানত বিহুৰ সামগ্ৰী বিক্ৰী কৰি অহা মুকালমুৱাৰ দাসে ‘দৈনিক অগ্ৰদূত’ৰ আগত কয় যে তেওঁৰ ছখন তাঁতশালত এইবাৰ বিহুলৈ বুলি প্ৰায় দুহেজাৰ গামোচা বৈ উলিয়াইছে । এশ টকাৰ পৰা ১২শ টকালৈ তেওঁৰ বিপণীত গামোচা উপলব্ধ বুলি সদৰী কৰি কয়, ‘সূতাৰ দাম বৃদ্ধি হোৱাৰ বাবে থলুৱা গামোচাৰ কিছু দাম বৃদ্ধি হৈছে । এইবাৰ কাজিৰঙা, জাপি, শৰাই আদি ডিজাইনৰ গামোচা প্ৰস্তুত কৰা হৈছে; কিন্তু ইয়ালৈ আহি প্ৰত্যক্ষ কৰিছো ২০০-২৫০ টকাত উপলব্ধ হৈছে ডাঙৰ ডাঙৰ ভমকাফুলীয়া গামোচা, যিবোৰ বহিঃৰাজ্যৰ পৰা ফাঁচীবজাৰ আৰু নগাঁৱলৈ অহা বুলি জানিব পাৰিছো । এই ক্ষেত্ৰত চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আমাৰ দৰে থলুৱা শিপিনীসকলৰ মৰণ অনিবাৰ্য ।’

বহিঃৰাজ্যৰ গামোচাৰে বিহু পাতিব অসমীয়াই

যি সময়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিহুত থলুৱা গামোচা ব্যৱহাৰ কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে সেই সময়ত সংশ্লিষ্ট বিভাগৰ অমনোযোগিতাৰ বাবে এইবাৰ অসমীয়া বহিঃৰাজ্যৰ গামোচাৰে বিহু পাতিব লাগিব বুলি মন্তব্য কৰিছে আৰ্টফেড্ কৰ্মচাৰী সন্থাই । ৰাজ্যৰ শিপিনীসকলে প্ৰস্তুত কৰি উলিওৱা চানেকিযুক্ত বস্ত্ৰ সম্ভাৰ বিক্ৰীৰ ব্যৱস্থা কৰি অৰ্থাৎ বজাৰ সৃষ্টি কৰি শিপিনীসকলক যোৱা পাঁচ দশকে স্বাৱলম্বিতাৰ বাট প্ৰশস্ত কৰি অহা আৰ্টফেডৰ কৰ্মচাৰীসকলে মঙলবাৰৰ পৰা অব্যাহত ৰখা প্ৰতিবাদৰ ফলত এইবাৰ বিহুৰ বজাৰত আঠ-ন লাখ থলুৱা গামোচা নাটনি হ’ব বুলি সদৰী কৰিছে কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ধীৰেণ কুমাৰ নাথে ।

এই সন্দৰ্ভত নাথে কয়, ‘আজি এটা বছৰ হ’ল এক লেচা সূতা নাই আমাৰ বেংকত । বিহু আহিলে কিন্তু সূতা নাপালে শিপিনীয়ে ক’ৰ পৰা বিহুলৈ বুলি কাপোৰ-গামোচা বব ? বহাগ বিহুৰ সময়ত আৰ্টফেডে আঠ-ন লাখ গামোচা অসমৰ ৰাইজক যোগান ধৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ থলুৱা শিপিনীৰ পৰা গামোচা সংগ্ৰহ কৰি আৰ্টফেডৰ জৰিয়তে অসমৰ ৰাইজক যোগান ধৰা হয় । এইবাৰ এই ব্যৱস্থা নাই যাৰ ফলত বহিৰাগত যিটো মাদ্ৰাজী গামোচা বুলি ক‌ওঁ সেই গামোচাই এইবাৰ বিহুৰ বজাৰ দখল কৰাটো নিশ্চিত ।’

এজন সাধাৰণ গ্ৰাহকে সাম্প্ৰতিক সময়ত এইখন বহিঃৰাজ্য নে থলুৱা গামোচা ধৰিব‌ই নোৱাৰিব বুলি নাথে সদৰী কৰি পুনৰ কয় যে থলুৱা শিপিনীয়ে বৈ উলিওৱা ভমকাফুলীয়া গামোচাৰ নকল ৰূপ আজিৰ দিনত বহিঃৰাজ্য পৰা আহি গুৱাহাটীত তিনিশ টকাত উপলব্ধ হৈছে । ফাঁচীবজাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ এইবোৰ সৰবৰাহ হৈছে বুলি তেওঁ কয় ।

উল্লেখ্য যে বিষয়া-কৰ্মচাৰীৰ মাজত যোগসূত্ৰ হ্ৰাস হোৱাৰ সমান্তৰালভাৱে বিষয়াৰ হেমাহিৰ বাবে এইবাৰ বিহুত থলুৱা গামোচা হ্ৰাস পালে বুলি নাথে সদৰী কৰি বিভাগৰ পৰিচালন সঞ্চালকজনো যোৱা ন মাহত কেৱল চাৰি দিনহে কাৰ্যালয়লৈ অহা বুলি অভিযোগ কৰে । অৱশ্যে এই ক্ষেত্ৰত কাইলৈ চৰকাৰৰ স’তে কৰ্মচাৰীসকলে এক আলোচনাত মিলিত হ’ব বুলি নাথে সদৰী কৰে ।

Exit mobile version