অসম এৰি আমেৰিকাৰ বাসিন্দা হ’ল বিশেষভাৱে সক্ষম ডেৰবছৰীয়া কন্যা

IMG 20220407 103020

বিধাতাই কাৰ কপালত কি লিখে কোনেও নাজানে। তদুপৰি মানুহৰ ভাগ্যৰ চকৰি কাৰ কেতিয়া কেনেদৰে ঘূৰে সেইটো কোনেও নিৰ্ধাৰণ কৰিব নোৱাৰে।বিধাতাই কাৰ দুৰ্ভগীয়া জীৱন সৌভাগ্যশালী কৰে কোনেও নাজানে।

তাৰে এক বাস্তৱ ঘটনাই সকলোৰে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। কামৰূপ জিলাৰ বাইহাটা অঞ্চলৰ এটি দুৰ্ভগীয়া পৰিয়ালত ২০২০ চনত জন্ম হৈছিল এটি বিশেষভাৱে সক্ষম কন্যাৰ।

অতি দুখীয়া পৰিয়ালটোত বিশেষভাৱে জন্ম লোৱাটোৱে যেন তাইৰ বাবে অভিশাপ আছিল। বিশেষভাৱে সক্ষম হোৱা বাবে দুখীয়া পৰিয়ালটোৱে কন্যাজনীক পৰিত্যাগ কৰাৰ পৰিকল্পনা কৰিছিল।

এই পৰিকল্পনাৰ বিষয়ে জানিব পাৰি বৰবৰীস্থ গ্ৰাম্য বিকাশ মঞ্চৰ দ্বাৰা পৰিচালিত বিশেষ দত্তক গ্ৰহন সংস্থাই কন্যাজনীক বৰবৰীত থকা আৱাসিক কাৰ্যাল‌লৈ আনে। ২০২০ বৰ্ষৰ ২১ অক্টোবৰত পৰিয়ালটোৱে পৰিত্যাগ কৰিব বিচৰা কন্যাজনীক সুদীৰ্ঘ দুই বছৰ লালন পালন কৰাৰ অন্তত নীতি নিয়ম অনুসৰি আবেদনৰ জৰিয়তে সুদুৰ আমেৰিকাৰ এহাল দম্পতিয়ে বিশেষভাৱে সক্ষম বেৰ বছৰীয়া কন্যাজনীক তুলি লোৱাৰ ইচ্ছা প্ৰকাশ কৰে।

বিভাগীয় আবেদনৰ নীতি নিয়ম সমূহ সম্পূৰ্ণৰূপে মানি লোৱাৰ পাছত আজি কন্যাজনীক আনুষ্ঠানিকভাৱে সংস্থাটোৱে অৰ্পণ কৰে আমেৰিকাৰ পৰা অহা দম্পতীহালৰ ওচৰত। উল্লেখ্য যে আজি গ্ৰাম্য বিকাশ মঞ্চৰ কাৰ্যালয় প্ৰাংগনত আয়োজিত এক অনুষ্ঠানত জিলা উপায়ুক্ত গীতিমনি ফুকনে আমেৰিকাৰ মানৱদৰদী দম্পতীহালৰ ওচৰত কন্যাজনীক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।

এই উপলক্ষে আয়োজিত আৰু গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বিভূষন ডেকাই আত ধৰা অনুষ্ঠানত বিশেষভাৱে সক্ষম কন্যাজনীক অৰ্পণ কৰি জিলা উপায়ুক্ত গীতিমনি ফুকনে কয় মানুহৰ হৃদয় খনেই মূল।

হৃদয়খন পবিত্ৰ হ’লে ঈশ্বৰে সকলো ভাল কৰে। আমেৰিকাৰ পৰা দম্পতীহালে বিশেষভাৱে সক্ষম কন্যাজনীক গ্ৰহণ কৰি মহানুভৱতাৰ পৰিচয় দিছে।এনে ঘটনা আজিৰ পৰিস্থিতিত বিৰল। তেওঁ গ্ৰাম্য বিকাশ মঞ্চৰ এনে পদক্ষেপৰো শলাগ লয়।

উল্লেখ্য যে গ্ৰাম্য বিকাশ মঞ্চই ২০১৭ চনৰ এক এপ্ৰিলৰ পৰা মহিলা আৰু শিশু কল্যান মন্ত্ৰালয়ৰ অধীনত পঞ্জীয়নভূক্ত হৈ বৰ্তমানলৈ ১৭ গৰাকী অনাথ শিশুক উদ্ধাৰ কৰি বিভিন্ন ৰাজ্য তথা দেশৰ মানৱদৰদী নাগৰিকৰ ওচৰত অৰ্পণ কৰিছে।

উল্লেখ্য যে আজি অৰ্পণ কৰা কন্যা গৰাকীৰ নাম মানৱী।সংস্থাটোৰ প্ৰকল্প সমন্বয়ক ইন্দ্ৰ প্ৰধানে “দৈনিক অগ্ৰদূত”-ৰ আগত প্ৰকাশ কৰা অনুসৰি আমেৰিকাৰ উইচ কনচিন চহৰৰ বাসিন্দা তথা ব্যাৱসায়ী ট্ৰেভিচ জন মেগগ্লোথলেন আৰু চিকিৎসালয়ৰ নাৰ্চ ছেচিডী চি মেগগ্লোথলেন দুয়ো পতী -পত্নী ।

দুয়োৰে দুটা পুত্ৰ সন্তানেৰে এখন সুখৰ সংসাৰ আছে ।ইয়াৰ পাছতো এগৰাকী কন্যা সন্তানৰ বাবে আগ্ৰহী হৈ এবছৰ আগতে পৰ্টেলযোগে আবেদন কৰিছিল।এই আবেদনৰ পাছত বিভাগীয় নীতি নিয়মৰ ভিত্তিত পৰিয়ালটোক বিশেষভাৱে সক্ষম কন্যাজনী দিবলৈ বাচনি কৰা হৈছিল।

সেই মৰ্মে ঠিক কৰা দিন অনুসৰি আমেৰিকাৰ পৰা দম্পতীহাল আজি ৰাতিপুৱা ন বজাত বৰবৰীস্থ গ্ৰাম্য বিকাশ মঞ্চৰ কাৰ্যালয়ত উপস্থিত হয়। ইতিমধ্যে দম্পতীহালে বিশেষভাৱে সক্ষম কন্যাজনীক ভায়োলেট মানৱী মেগগ্লোথলেন নামেৰে নামাকৰণ কৰি পাচপৰ্ট আৰু ভিচা বনোৱা কামো সম্পূৰ্ণ কৰিছে।

উল্লেখ্য যে অনুষ্ঠানত গ্ৰাম্য বিকাশ মঞ্চৰ কাৰ্যনিৰ্বাহক ডা: ৰাজুমনি শৰ্মা, সম্পাদক দিবাকৰ ডেকা, উপ-সভাপতি প্ৰাঞ্জল চক্ৰৱৰ্তী সহ স্বেচ্ছাসেৱক আৰু স্বেচ্ছাসেবিকা সকল উপস্থিত থাকে।

Exit mobile version