পিএছঅ’ : কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

বিষয়াৰ স'তে বেটেলিয়নৰ জোৱানৰ নিয়োগ সন্দৰ্ভত ১০ দিনৰ ভিতৰত চাৰ্টিফিকেট বিচাৰিলে

mom3qb9 himanta biswa sarma instagram

শীৰ্ষ আৰক্ষী বিষয়াসকলৰ স’তে ব্যক্তিগত দেহৰক্ষী (পিএছঅ’) ৰূপে নিয়োজিত বেটেলিয়নৰ জোৱানসকলক মৰ্যাদাহানিকৰ কাম-কাজত খটুওৱাৰ অভিযোগ দীৰ্ঘদিনীয়া । বিভিন্ন ঘৰুৱা কাম-বনকে ধৰি ব্যক্তিগত কামত পিএছঅ’সকলক একাংশ শীৰ্ষ বিষয়াই ব্যৱহাৰ কৰাই নহয়, তেওঁলোকৰ স’তে ব্যৱহাৰো মৰ্যাদাসুলভ নহয় বুলি সময়ে সময়ে চৰ্চিত হৈ আহিছে । ভাত ৰন্ধা, কাপোৰ ধোৱা, বজাৰ কৰা, সন্তানক বিদ্যালয়ৰ পৰা অনা-নিয়া কৰাকে ধৰি বিভিন্ন ধৰণৰ কামত ব্যক্তিগত দেহৰক্ষীক ব্যৱহাৰ কৰি অহা একাংশ আৰক্ষী বিষয়াৰ সান্দহ খোৱা বালি তল যোৱাৰ উপক্ৰম হৈছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া নিৰ্দেশে পিএছঅ’ক ব্যক্তিগত কামত ব্যৱহাৰৰ দীৰ্ঘদিনীয়া ব্যৱস্থা বন্ধ কৰিব বুলি আশা কৰা হৈছে । মুখ্যমন্ত্ৰী শৰ্মাই শেহতীয়াভাৱে এই ক্ষেত্ৰত কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰি নিৰ্দেশ দিয়ে যে এতিয়াৰে পৰা আৰক্ষী বিষয়াই পিএছঅ’ক ব্যক্তিগত কামত ব্যৱহাৰ কৰিব নোৱাৰিব । এই নিৰ্দেশত কোৱা হৈছে যে বিভিন্ন পৰ্যায়ৰ আৰক্ষী বিষয়াই সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমোদন নোলোৱাকৈ পিএছঅ’, হাউছ গাৰ্ড, ষ্টেটিক গাৰ্ড আদি ৰূপে ব্যৱহাৰ কৰিবলৈ বেটেলিয়নৰ জোৱানসকলক লৈ যায় । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে সকলো বেটেলিয়নৰ কমাণ্ডেণ্টসকলে এখন লিখিত দিব লাগিব যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমোদন নোহোৱাকৈ কোনো বিষয়াৰ স’তে বেটেলিয়নৰ জোৱান নিয়োগ কৰা হোৱা নাই ।

ইয়াৰ উপৰি সকলো জিলা আৰক্ষী অধীক্ষকে লিখিত দিব লাগিব যে ফিল্ড ডিউটিত নিয়োজিত বেটেলিয়নৰ জোৱানক পিএছঅ’ অথবা হাউছ গাৰ্ড, ষ্টেটিক গাৰ্ড বা আন কোনো ঘৰুৱা কামত ব্যৱহাৰৰ বাবে নিয়োগ কৰা হোৱা নাই । মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশক সৰ্বাধিক জৰুৰীৰূপে গণ্য কৰিবলৈ জাননীত কৈছে । মুখ্যমন্ত্ৰীৰ দ্বাৰা স্বাক্ষৰিত জাননীৰ নিৰ্দেশ ৰূপায়ণৰ বাবে সকলো পৰ্যায়লৈ প্ৰয়োজনীয় নিৰ্দেশনা প্ৰেৰণ কৰিবলৈ কোৱা হৈছে অসম আৰক্ষী ‌সঞ্চালকপ্ৰধানক । ইয়াৰ বাবে এক শক্তিশালী নিৰীক্ষণ ব্যৱস্থাৱলী নিশ্চিত কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধানক জাননীত কোৱা হৈছে ।

ইপিনে, এই সমস্ত কুচকাৱাজ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই সাংবাদিকক কয় যে আইনবহিৰ্ভূতভাৱে বহু আৰক্ষী বিষয়াই বেটেলিয়নৰ পৰা জোৱান আনি বিভিন্ন কামত ব্যৱহাৰ কৰে । সেয়েহে এই সম্পৰ্কে বেটেলিয়ন কমাণ্ডেন্টৰ পৰা প্ৰমাণপত্ৰ বিচৰা হৈছে বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰীয়ে কয় যে যদি এইদৰে কোনোবা জোৱানক ব্যক্তিগত কাম-বনত ব্যৱহাৰ কৰি থকা হৈছে তেন্তে জোৱানৰ দৰমহা আদায় দিব লাগিব সংশ্লিষ্ট বিষয়াই ।

‘আৰক্ষী বিষয়াই বেটেলিয়নৰ পৰা ল’ৰা আনি ঘৰত পানী অনা, বজাৰ কৰা আদি কামত ব্যৱহাৰ কৰাৰ অভিযোগ আছে । সঁচা নে মিছা নাজানো । আইনবহিৰ্ভূতভাৱে এইদৰে কোনোবা ল’ৰাই কাৰোবাৰ ঘৰত কাম কৰি আছে নেকি সেই সম্পৰ্কে কমাণ্ডেণ্ট আৰু এছ পিৰ পৰা চাৰ্টিফিকেট বিচাৰিছো । যদি কোনোবাই এইদৰে কাম কৰি আছে তেন্তে দৰমহা আদায় দিব লাগিব বিষয়াই । চৰকাৰে নিদিয়ে । এই চাৰ্টিফিকেট ম‌ই ১০ দিনৰ ভিতৰত বিচাৰিছো ।’ এইদৰে কয় মুখ্যমন্ত্ৰীয়ে । তেওঁ পুনৰ কয়, ‘চলি থকা যি অভিযোগ আছে যে ডাঙৰ আৰক্ষী বিষয়াৰ ঘৰত বহুকেইটা ল’ৰাই ডিউটি কৰি থাকে, বজাৰ কৰে । সঁচা-মিছা নাজানো, কিন্তু এইবাৰ সেই ব্যৱস্থা শেষ কৰিব বিচাৰিছো ।’

ৰাজনৈতিক নেতালৈও খেল

ৰাজ্যৰ গৃহ বিভাগে শেহতীয়াভাৱে ৰাজনৈতিক দলৰ নেতা, মন্ত্ৰী, বিৰোধী দলৰ নেতাই কিমান পি এছ অ’ ৰাখিব লাগিব সেই সম্পৰ্কীয় এক নিৰ্দেশনা জাৰি কৰিছে । ইতিমধ্যে বহু ৰাজনৈতিক নেতাৰ সাতশ এনে ব্যক্তিগত দেহৰক্ষী কৰ্তন কৰা হৈছে । ‘অসমত চাৰি হেজাৰ পিএছঅ’ আছিল, আমি প্ৰথমতে সাতশ কমালো । মন্ত্ৰী, বিধায়ক, বিৰোধী দলপতিয়ে কিমান পিএছঅ’ ৰাখিব পাৰিব সেই সম্পৰ্কে আমাৰ এক নিৰ্দেশ আহিছে । এই ফৰ্মূলাত আমাৰ আৰু সাতশ পিএছঅ’ কমি যাব । তদুপৰি আমি আৰু ছশ পি এছ অ’ক প্ৰত্যাহাৰ কৰিম । অৰ্থাৎ মুঠ দুহেজাৰৰ অধিক পি এছ অ’ এনে দায়িত্বত নাথাকিব । ফলত দুটা বেটেলিয়ন মুক্ত হ’ব ।’ অনাগত দিনত এই দুহেজাৰ আৰক্ষী জোৱানক সঠিকভাৱে কৰ্তব্যত নিয়োজিত কৰিব পাৰিব বুলি গৃহ বিভাগে আশা ব্যক্ত কৰিছে ।

উল্লেখ্য যে এই সন্দৰ্ভত ডি জি পি ভাস্কৰজ্যোতি মহন্তই কয় যে আৰক্ষীৰ সংস্কাৰৰ ক্ষেত্ৰত এয়া এক উল্লেখযোগ্য পদক্ষেপ বুলি ক’ব পাৰি । মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ ফলত অসম আৰক্ষীৰ একাংশ শীৰ্ষ বিষয়াৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

Exit mobile version