স্পৰ্শকাতৰ পৰিৱেশত নতুন সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া অসম-মেঘালয়ৰ

ভাৰতীয় জৰীপ বিভাগৰ কাম আৰম্ভ

Assam Meghalaya

অসম আৰু মেঘালয় সীমান্তৰ ছটা বিবাদমান অঞ্চলৰ সমস্যা সমাধানৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত ভাৰতীয় জৰীপ বিভাগে দুই ৰাজ্যৰ নতুন সীমান্ত নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । যোৱা ২৯ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ে উক্ত চুক্তিত স্বাক্ষৰ কৰে । তাৰ পাছতে জৰীপ বিভাগৰ কে’বাটাও দলে চুক্তি সম্পাদিত হোৱা পিলিংৰাট, ৰাতাচেৰা, বক্লাপাৰা, গিজাং হাহিম আৰু তাৰাবাৰীত উপস্থিত হৈ জৰীপ প্ৰক্ৰিয়া আৰম্ভ কৰে ।

এই ক্ষেত্ৰত অসম চৰকাৰে জৰীপ বিভাগৰ দলক সহযোগিতা আগবঢ়াইছে । চুক্তি অনুসৰি ৩৬.৭৯ বৰ্গ কিলোমিটাৰ অঞ্চলৰ বাবে এই চুক্তি স্বাক্ষৰ কৰা হয় । ইয়াৰে অসমৰ ভাগত পৰিছে ১৮.৪৬ বৰ্গ কিলোমিটাৰ আৰু মেঘালয়ৰ ভাগত পৰিছে ১৮.৩৩ বৰ্গ কিলোমিটাৰ ।

দুয়োখন ৰাজ্যৰ দুয়োপাৰৰ পৰা চলা সীমা পুনৰ নিৰ্ধাৰণৰ কাম সম্পন্ন হোৱাৰ পাছতে সংসদত এই সম্পৰ্কীয় বিধেয়ক চৰকাৰে উত্থাপন কৰিব । অৱশ্যে পুনৰ সীমা নিৰ্ধাৰণ কৰি খুঁটা পোতালৈ কিছুসময়ৰ প্ৰয়োজন হ’ব বুলি বিষয়টোৰ লগত জড়িত অসম চৰকাৰৰ বিষয়াৰ সূত্ৰ‌ই জনায় । তদুপৰি চৰকাৰে চুক্তি কৰিলেও নতুন সীমা নিৰ্ধাৰণ ব্যৱস্থাটো স্পৰ্শকাতৰ হৈ থকা বুলি সূত্ৰটোৱে উল্লেখ কৰে । কিয়নো সীমা নিৰ্ধাৰণ কাগজে-কলমে কৰাৰ পাছত জৰীপ বিভাগৰ দলে ক্ষেত্ৰভিত্তিক হিচাপ-নিকাচেৰে খুঁটা পোতাৰ কাম আৰম্ভ কৰিছে । অথচ নতুন সীমাক লৈ অসম আৰু মেঘালয়ৰ দুয়োখন ৰাজ্যৰ সীমান্তৰ বহু লোকৰ মাজত ক্ষোভ বিয়পি আছে ।

এতিয়াও বহু লোকে নাজানে তেওঁলোক বাস কৰা অঞ্চলটো কোনখন ৰাজ্যৰ অন্তৰ্ভুক্ত হ’ব । সূত্ৰটোৰ মতে গোটেই বিষয়টোত স্থানীয় লোকৰ মাজত আবেগে অগ্ৰাধিকাৰ পায় আহিছে । সেয়েহে জৰীপ বিভাগৰ দলে যথেষ্ট স্পৰ্শকাতৰ পৰিৱেশৰ মাজেৰে কাম আগবঢ়াবলগীয়া হৈছে ।

ইপিনে, ৰাজ্য দুখনৰ মাজত থকা আন দুটা স্থানৰ বিবাদ মীমাংসাৰ প্ৰক্ৰিয়া অহা জুলাইত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । তাৰ বাবে অসম চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে । এই ছটা স্থান যথেষ্ট স্পৰ্শকাতৰ । এই স্থানকেইটা হ’ল লাম্পি, বৰদুৱাৰ, নংৱাহ, মাতামূৰ, দেচদেম’ৰে আৰু খাণ্ডুলি ।

Exit mobile version