বাসুগাঁও চহৰত অগ্নিকাণ্ডত কে’বাটাও ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত, বহু লক্ষাধিকৰ লোকচান

WhatsApp Image 2022 04 08 at 2.13.21 PM

পুৱাই বাসুগাঁও চহৰত অগ্নিকাণ্ডৰ ধ্বংসলীলা ।

চিৰাঙৰ বাসুগাঁও চহৰত আজি পুৱাৰ ভাগত এক বিধ্বংসী অগ্নিকাণ্ড ঘটনা সংঘটিত হয় । চহৰৰ মাজমজিয়াত ঘনবসতিৰ অঞ্চলত ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত হৈছে এই অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত গৌতম সাহাৰ গেলামাল দোকান আৰু আছাৰুদ্দিন শ্বেখৰ লেপ তুলিৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে বাকী কে’বাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু বাসগৃহ আংশিকভাৱে ক্ষতিগ্রস্ত হয় ।

অগ্নিনিৰ্ব্বাপক বাহিনীৰ গাড়ী অহাৰ পূৰ্বেই স্থানীয় লোকৰ তৎপৰতাত জুই কিছু নিয়ন্ত্ৰণত ৰখাত বাসুগাঁও চহৰৰ বৃহৎ অংশ ক্ষয়ক্ষতিৰ পৰা ৰক্ষা পৰে । পাছত অগ্নিনিৰ্ব্বাপক বাহিনীৰ লোক আহি জুই নিৰ্ব্বাপন কৰে ।

উল্লেখ্য যে বাসুগাঁও চহৰত অগ্নিনিৰ্ব্বাপক বাহিনীৰ আস্থান নথকাৰ বাবে কাজলগাঁৱৰ পৰা এঘন্টা পাছত অগ্নিনিৰ্ব্বাপক বাহিনীৰ বাহন আহি জুই নিৰ্বাপিত কৰে ।

স্থানীয় লোকৰ সন্দেহ লেপ তুলিৰ দোকানী আছাৰুদ্দিন শ্বেখৰ দোকানত বৈদ্যুতিক ছৰ্টচাৰ্কিটৰ পৰা এই জুইৰ সূত্ৰপাত হৈছে । আজিৰ এই অগ্নিকাণ্ডৰ ফলত ১০ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় আৰু ব্যৱসায়ীসকল ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় ।

Exit mobile version