COVID-19 : ক’ভিড আপডেট

srinagar 1645363141

বৃহস্পতিবাৰৰ তুলনাত দেশত সামান্য বৃদ্ধি পালে কৰ’নাত আক্রান্তৰ সংখ্যা । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ দৈনিক কৰ’না পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰ’না আক্রান্তৰ সংখ্যা এহেজাৰ ১০৯ জন । বৃহস্পতিবাৰৰ তুলনাত আক্রান্তৰ সংখ্যা সাত শতাংশ বাঢ়িছে ।

বৃহস্পতিবাৰে দেশত কৰ’না আক্রান্তৰ সংখ্যা আছিল এহেজাৰ ৩৩ জন । যোৱা ২৪ ঘন্টাত ৪৩ জনৰ মৃত্যু হৈছে ।

ইয়াৰ মাজতে কেৱল কেৰালাতেই মৃতৰ সংখ্যা ৩৬ । অৱশ্যে আগতেই কৰ’নাত মৃত্যু হৈছে, কিন্তু নথিভুক্ত হোৱা নাছিল, এনে মৃতকো আছে । ইয়াৰ ফলত দেশত কৰ’নাত মুঠ মৃত্যুৰ সংখ্যা পাঁচ লাখ ২১ হেজাৰৰো অধিক ।

বিগত ২৪ ঘণ্টাত দেশত কৰ’নাৰ পৰা সুস্থ হৈছে এহেজাৰ ২১৩ জন । ইয়াকে লৈ দেশত মুঠ সুস্থ হ’ল চাৰি কোটি ২৫ লাখ ২১ হেজাৰ ২১৩ জন । কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ৰ দৈনিক কৰ’না পৰিসংখ্যা অনুযায়ী, সম্প্ৰতি দেশত মুঠ সক্রিয় কৰ’না ৰোগীৰ সংখ্যা ১১,৪৯২ জন ।

Exit mobile version