Murder : আছাৰাম বাপুৰ আশ্রমত গাড়ীৰ ভিতৰত উদ্ধাৰ কিশোৰীৰ দেহ, সন্ধানহীন আছিল চাৰি দিন

1649404466 asa ram bapu

ৰাজস্থানৰ জোধপুৰৰ আশ্রমত এগৰাকী কিশোৰীক ধর্ষণৰ অভিযোগত বিগত চাৰি বছৰ ধৰি কাৰাগাৰত বন্দী স্বঘোষিত ধর্মগুৰু আছাৰাম বাপু । আকৌ শিৰোনামত আছাৰামৰ আশ্রম । অৱশ্যে এইবাৰ ঘটনাস্থল জোধপুৰ নহয়, উত্তৰ প্রদেশৰ গোণ্ডাৰ নগৰ কোতোৱালি এলাকা ।

আছাৰামৰ উত্তৰ প্রদেশৰ আশ্রমৰ পৰা এগৰাকী কিশোৰীৰ দেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । ১৩ বছৰীয়া এই কিশোৰীগৰাকী যোৱা পাঁচ এপ্রিলৰ পৰা নিখোজ হৈ আছিল । শুকুৰবাৰে পুৱা আশ্রমৰ ভিতৰত বহু দিনৰ পৰা পৰিত্যক্ত হৈ থকা এটা গাড়ীৰ ভিতৰৰ পৰা এই কিশোৰীৰ দেহ উদ্ধাৰ হয় ।

আশ্রমৰ এজন কর্মচাৰীয়ে আৰক্ষীক দাবী কৰে, গাড়ীৰ ভিতৰৰ পৰা পচা গোন্ধ পাইছিল । কিহৰ গোন্ধ, চাবলৈ গৈ এগৰাকী কিশোৰীৰ দেহ চকুত পৰে । তাৰ পাছতেই তেওঁ আৰক্ষীক খবৰ দিয়ে । এই ঘটনাত জড়িতৰ সন্দেহত আশ্রমৰেই এজন কর্মচাৰীক আটক কৰে আৰক্ষীয়ে ।

প্রাথমিকভাৱে আৰক্ষীয়ে সন্দেহ কৰিছে, হত্যা কৰি দেহ লুকুৱাৰ চেষ্টা কৰা হৈছিল । অৱশ্যে কিশোৰীগৰাকীক ধর্ষণ কৰি হত্যা কৰা হৈছে নেকি, সেয়া পৰ্যবেক্ষণ কৰিছে আৰক্ষীয়ে ।

২০১৩-ত এগৰাকী কিশোৰীক জোধপুৰ আশ্রমত ধর্ষণৰ অভিযোগ উত্থাপিত হয় আছাৰামৰ বিৰুদ্ধে । সেই গোচৰত ২০১৮-ত জোধপুৰৰ বিশেষ আদালতত দোষী সাব্যস্ত হয় তেওঁ । আদালতে তেওঁক যাৱজীজৱন কাৰাদণ্ড দিছে ।

Exit mobile version