ইউক্রেইনৰ পূর্বাঞ্চলীয় চহৰ ক্রামতোর্স্কৰ এটা ৰেল ষ্টেচনত ক্ষেপণাস্ত্র আক্ৰমণ ৰাছিয়াৰ । এই আক্ৰমণত প্ৰায় ৩৯ জন নিহত, আহত প্রায় এশজন । মৃতসকলৰ ভিতৰত চাৰিজন শিশুও আছে । এই ষ্টেচনেৰেই ইউক্রেইনৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছিল । অৱশ্যে ৰাছিয়াই এই আক্ৰমণৰ কথা অস্বীকাৰ কৰিছে ।
ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কঠোৰ ভাষাৰে এই আক্ৰমণক গৰিহণা দিছে । তেওঁ কয়, ‘‘ ৰাছিয়াই সমস্ত সীমা অতিক্রম কৰিছে । তেওঁলোকক শাস্তি নিদিলে তেওঁলোক স্তব্ধ নহ’ব ।’’
ইউক্রেইনত সামৰিক অভিযানৰ ৪৪ দিন পাৰ হৈছে যদিও এতিয়াও সফল হোৱা নাই ৰাছিয়া । উলোটাই মুখামুখি যুঁজত ইউক্রেইনৰ সেনাৰ শক্তিশালী প্রতিৰোধৰ সন্মুখীন হৈছে তেওঁলোক । এনে পৰিস্থিতিত পুটিনৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ ইউক্রেইনক আৰু বেছি পৰিমাণে অস্ত্র সাহায্যৰ সিদ্ধান্ত লৈছে নাটোৱে ।
ইউক্রেইনৰ বৈদেশিক মন্ত্রী দিমিত্র কুলেবাই বৃহস্পতিবাৰে বেলজিয়ামৰ ৰাজধানী ব্রাছেলছে নাটোৰ সদৰ দপ্তৰত যায় । নাটোৰ ছেক্রেটাৰী জেনেৰেল জেন্স ষ্টোলেনবার্গৰ স’তে বৈঠকৰ পাছত কুলেবাই কয়, ‘‘বিদেশী দখলকাৰীসকলক ইউক্রেইনৰ পৰা আঁতৰাবৰ বাবে এতিয়া আমাৰ এটাই চাহিদা — অস্ত্র ।’’