এ টি এমৰ পৰা কার্ড অবিহনে উলিয়াব পাৰিব ধন,আৰ বি আইৰ ঘােষণা

jitu patwari atm 4949055a c41b 11e6 913d 826c0833a15d 1638517996006

আপুনি যদি বেংকৰ একাউন্ট ধাৰক তেন্তে এ টি এমৰ পৰা ধন উলিয়াবলৈ আপােনাক আৰু কাৰ্ডৰ প্রয়ােজন নহ’ব। ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)-এ এই সন্দৰ্ভত কালি এক গুৰুত্বপূৰ্ণ ঘােষণা কৰিলে।

আৰ বি আইৰ ঘােষণা অনুসৰি অচিৰে দেশৰ সকলােবােৰ এ টি এমত কার্ড অবিহনে বেংকৰ একাউণ্ট ধাৰকে নগদ ধন উলিয়াব পাৰিব। আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কালি এই ঘােষণা কৰে।

এ টি এমত এই নতুন সুবিধা উপলব্ধ হােৱাৰ পাছত বেংকৰ একাউণ্ট ধাৰকসকলে ধন উলিয়াবলৈ ডেবিট কার্ড ব্যৱহাৰ কৰাৰ প্ৰয়ােজন নহ’ব।

নতুন ব্যৱস্থাত বেংকৰ গ্ৰাহকে ইউ পি আইৰ মাধ্যমৰে এ টি এমৰ পৰা কোনাে কার্ড ব্যৱহাৰ নকৰাকৈ অতি সহজে আৰু নিৰাপদে নিজৰ সঞ্চিত ধন উলিয়াব পাৰিব। অৱশ্যে দেশৰ একাংশ নির্বাচিত বেংকে পূৰ্বৰে পৰা গ্ৰাহকক ডেবিট কার্ড অবিহনে এ টি এমৰ পৰা ধন উলিওৱাৰ সুবিধা প্রদান কৰি আহিছে।

কিন্তু ৰিজাৰ্ভ বেংকৰ ঘােষণাৰ পাছত এতিয়াৰ পৰা সকলাে বেংকে এ টি এমত ডেবিট কার্ডবিহীন লেনদেনৰ সুবিধা গ্রাহকক আগবঢ়াব লাগিব।

Exit mobile version