Blood Test : তেজ পৰীক্ষা কৰিবলৈ যোৱাৰ আগত কি কৰিব , কি নকৰিব

what can a blood test tell you

শৰীৰৰ ভিতৰত সৃষ্টি হোৱা নানা সমস্যাবোৰ সঠিকভাবে নিৰ্ণয় কৰিবলৈ চিকিৎসকসকলে বিভিন্ন পৰীক্ষা কৰিবলৈ দিয়ে ।

তেজ, প্ৰস্ৰাৱ আৰু অন্য কিছু পৰীক্ষাই স্বাস্থ্যৰ অৱস্থা প্ৰকাশ কৰাত সহায় কৰে। নিয়মীয়া তেজ পৰীক্ষা হৈছে সামগ্ৰিক সুস্থতাৰ ওপৰত চকু ৰখাৰ অন্যতম উপায়। তেজ পৰীক্ষা কৰিবলৈ যোৱাৰ আগতে কেইটামান কথা মনত ৰখা জৰুৰী ।

(১) পৰীক্ষা কৰিবলৈ যোৱাৰ আগতে, চিকিৎসকৰ পৰা কি খাব লাগে বা কি খাদ্য খাব নালাগে জানি ল’ব লাগে । কিছুমান পৰীক্ষাৰ আগতে, চিকিৎসকসকলে খালী পেটত থাকিবলৈ নিৰ্দেশ দিয়ে ।

(২) পৰীক্ষাৰ দুদিন আগৰ পৰা বাহিৰত ভজা, তেল-মচলা, চৰ্বিযুক্ত খাদ্য আৰু সুৰা পৰিহাৰ কৰিব।

(৩) ৰোগ নিৰ্ণয় কৰাৰ আগতে ধূমপানৰ পৰা দূৰত থাকিব লাগে ।

(৪) যদি চিকিৎসকৰ পৰীক্ষা সম্পন্ন কৰিবলৈ কোনো নিৰ্দিষ্ট সময় নাথাকে, তেন্তে পুৱা ১০ বজাৰ ভিতৰত পৰীক্ষাটো সম্পন্ন কৰা ভাল। কিয়নো ৰাতিপুৱা, শৰীৰত হৰমন আৰু এনজাইমৰ ভাৰসাম্য ঠিক আছে।

(৫) যদি আন কোনো ৰোগৰ বাবে কোনো ঔষধ গ্ৰহণ কৰে, তেন্তে তেজ পৰীক্ষা কৰিবলৈ যোৱাৰ আগতে চিকিৎসকক এই বিষয়ে অৱগত কৰক।

(৬) আনকি ঔষধৰ বাহিৰে আন কোনো ভিটামিন পৰিপূৰক গ্ৰহণ কৰিলেও, পৰীক্ষা কৰাবলৈ যোৱাৰ আগতে চিকিৎসকক জনাওঁক।

Exit mobile version