Booster Dose : বুষ্টাৰ টিকাত ১৫০ টকাতকৈ অধিক চাৰ্ভিছ চার্জ ল’ব নোৱাৰিব :কেন্দ্ৰ

1644142270 1620641194 1619307556 corona vaccination

দেওবাৰৰ পৰা আৰম্ভ হ’ব প্ৰাপ্তবয়স্ক বুষ্টাৰ টিকাকৰণ । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰালয়ে শনিবাৰে টিকাকৰণৰ নিয়মবিধি উল্লেখ কৰি এখন পত্ৰ জাৰি কৰে।

ইয়াৰ আগতে, সকলো ফ্ৰণ্টলাইন কৰ্মী, স্বাস্থ্য কৰ্মী আৰু ৬০ বছৰৰ ওপৰৰ লোকসকলক চৰকাৰী চিকিৎসালয়ৰ পৰা বিনামূলীয়া বুষ্টাৰ টিকাকৰণ দিয়া হৈছিল।

কিন্তু প্ৰাপ্তবয়স্কসকলৰ বাবে এই ভেকছিনটো ব্যক্তিগত টিকাকৰণ কেন্দ্ৰৰ দ্বাৰা নিৰ্ধাৰিত মূল্যত ক্ৰয় কৰিব লাগিব।

অৱশ্যে, কোনো ব্যক্তিগত কেন্দ্ৰই প্ৰতিটো ভেকছিনৰ বাবে ১৫০ টকাতকৈ অধিক সেৱা মাচুল আৰোপ কৰিব নোৱাৰে,বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে ।

দ্বিতীয় টোকাকৰণৰ ন মাহ (৩৯ সপ্তাহ বা ২৭৩ দিন) পাছত বুষ্টাৰ ভেকছিন গ্ৰহণ কৰিব লাগে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি, আগতে যি কোম্পানীৰ ভেকচিন লোৱা হৈছিল সেই কোম্পানীৰ টিকাকৰণ বাধ্যতামূলক।

কোউইন এপ বা ব্যক্তিগত টিকাকৰণ কেন্দ্ৰলৈ গৈও নামভৰ্তি কৰিব পাৰি।৬০ বছৰতকৈ অধিক বয়সৰ লোক আৰু স্বাস্থ্য কৰ্মীৰ বাবে যোৱা জানুৱাৰীৰ পৰা বুষ্টাৰ ভেকছিন প্ৰদান কৰা হৈছে। ৮৪% লোকে ইতিমধ্যে দুয়োটা ভেকছিন গ্ৰহণ কৰিছে।

১৫ বছৰৰ ওপৰৰ প্ৰায় ৯৬ শতাংশই তেওঁলোকৰ প্ৰথম ভেকছিন লাভ কৰিছে। শুক্ৰবাৰে, কেন্দ্ৰই ঘোষণা কৰে যে ১৮ বছৰৰ অধিক বয়সৰসকলে দেওবাৰৰ পৰা বুষ্টাৰ ভেকছিন প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।

টিকাকৰণ ১০ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব। অৱশ্যে, এই বুষ্টাৰ ভেকছিন কেৱল ব্যক্তিগত টিকাকৰণ কেন্দ্ৰত উপলব্ধ হ’ব, চৰকাৰী চিকিৎসালয়ত নহয়।

Exit mobile version